January 13, 2026 5:44 PM

views 15

আজি নিশা ৯.১৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান পুনৰ প্ৰচাৰ কৰা হ’ব

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি ক্ষন্তেক পাছতে নগাওঁ চিকিৎসা মহাবিদ্যালয়ত উপলব্ধ চিকিৎসা সেৱাৰ বিভিন্ন সুবিধা সন্দৰ্ভত নগাওঁ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বিষ্ণুৰাম দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ নগাওঁ জিলাৰ সংবাদদাতা মুনীন্দ্ৰ শ‍ইকীয়াই। অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব।

January 3, 2026 7:25 PM

views 11

আকাশবাণীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ’ব

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰিত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইৰ সচিব দেৱজিৎ শ‍ইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব। উদীয়মান খেলুৱৈৰ প্ৰশিক্ষণ বিষয়ক সাক্ষাৎ গ্রহণ কৰিব আমাৰ মঙলদৈ জিলাৰ সংবাদদাতা ময়ুখ গোস্বামীয়ে।

December 23, 2025 1:23 PM

views 12

আকাশবাণী গুৱাহাটীত আজি বিয়লি ৩ বাজি ৫ মিনিটৰ বিশেষ প্রাসংগিক অনুষ্ঠানত তামুলপুৰ জিলাত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ সৈতে সাক্ষাৎকাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত তামুলপুৰ জিলাত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ তামুলপুৰ জিলাৰ সংবাদদাতা নয়নজ্যোতি দাসে। অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব ।

December 6, 2025 6:37 PM

views 22

আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰ কৰা মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মৃণ্ময় হালৈৰ সাক্ষাৎকাৰটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্রহণ কৰিছে আমাৰ মঙলদৈৰ সংবাদদাতা ময়ুখ গোস্বামীয়ে।

December 5, 2025 12:15 PM

views 21

আজি বিয়লি ৩ বাজি ৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান

■ আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডত ৰূপায়িত চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত আমগুৰি খণ্ড উন্নয়ন বিষয়া ৰাতুল গগৈৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ শিৱসাগৰ জিলাৰ সংবাদদাতা মুজাহিদ আলীয়ে। অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব।

December 4, 2025 8:50 PM

views 22

আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰিত বিশেষ প্রাসঙ্গিক অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগৰ দ্বাৰা আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰিত বিশেষ প্রাসঙ্গিক অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব। গোৱালপাৰা জিলা অভিলাষী জিলাৰূপে পৰিগণিত হোৱা সন্দৰ্ভত গোৱালপাৰাৰ জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ সৈতে আমাৰ গোৱালপাৰা জিলাৰ সংবাদদাতা ৰছিদুল হুছেইনৰ এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব।

April 1, 2025 12:25 PM

views 28

দিনৰ ১.২০ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘প্ৰাসংগিক’ অনুষ্ঠানত ‘আপুনি কেনে আছে’ শীৰ্ষক অনুষ্ঠান

● যোৱা ২৯ মাৰ্চত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আয়োজন কৰা ‘আপুনি কেনে আছে' শীৰ্ষক অনুষ্ঠানৰ আধাৰত প্ৰস্তুত কৰা এটা বিশেষ অনুষ্ঠান আজি দিনৰ ১ বাজি ২০ মিনিটত প্ৰাসংগিক অনুষ্ঠানত শুনিবলৈ পাব। অনুষ্ঠানটি প্রযোজনা কৰিব আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে।