December 6, 2025 6:37 PM December 6, 2025 6:37 PM

views 6

আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰ কৰা মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মৃণ্ময় হালৈৰ সাক্ষাৎকাৰটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্রহণ কৰিছে আমাৰ মঙলদৈৰ সংবাদদাতা ময়ুখ গোস্বামীয়ে।

December 5, 2025 12:15 PM December 5, 2025 12:15 PM

views 10

আজি বিয়লি ৩ বাজি ৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ প্রাসঙ্গিক অনুষ্ঠান

■ আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত শিৱসাগৰ জিলাৰ আমগুৰি উন্নয়ন খণ্ডত ৰূপায়িত চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভত আমগুৰি খণ্ড উন্নয়ন বিষয়া ৰাতুল গগৈৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ শিৱসাগৰ জিলাৰ সংবাদদাতা মুজাহিদ আলীয়ে। অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব।

December 4, 2025 8:50 PM December 4, 2025 8:50 PM

views 9

আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰিত বিশেষ প্রাসঙ্গিক অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগৰ দ্বাৰা আজি বিয়লি ৩ বাজি ৫ মিনিটত প্ৰচাৰিত বিশেষ প্রাসঙ্গিক অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ'ব। গোৱালপাৰা জিলা অভিলাষী জিলাৰূপে পৰিগণিত হোৱা সন্দৰ্ভত গোৱালপাৰাৰ জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ সৈতে আমাৰ গোৱালপাৰা জিলাৰ সংবাদদাতা ৰছিদুল হুছেইনৰ এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব।

April 1, 2025 12:25 PM April 1, 2025 12:25 PM

views 19

দিনৰ ১.২০ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘প্ৰাসংগিক’ অনুষ্ঠানত ‘আপুনি কেনে আছে’ শীৰ্ষক অনুষ্ঠান

● যোৱা ২৯ মাৰ্চত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আয়োজন কৰা ‘আপুনি কেনে আছে' শীৰ্ষক অনুষ্ঠানৰ আধাৰত প্ৰস্তুত কৰা এটা বিশেষ অনুষ্ঠান আজি দিনৰ ১ বাজি ২০ মিনিটত প্ৰাসংগিক অনুষ্ঠানত শুনিবলৈ পাব। অনুষ্ঠানটি প্রযোজনা কৰিব আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে।