March 23, 2025 11:38 AM

views 14

এফ আই জি বিশ্বকাপ প্ৰতিযোগিতাৰ মহিলাৰ ভল্ট শিতানৰ ফাইনেলত প্ৰণতি নায়কৰ ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতৰ প্ৰণতি নায়কে তুৰস্কৰ অন্তাল্যাত অনুষ্ঠিত ফেডাৰেচন ইণ্টাৰনেচনেল দি জিম্মাষ্টিক বিশ্বকাপ প্ৰতিযোগিতাৰ মহিলাৰ ভল্ট শিতানৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এছিয়ান চেম্পিয়নশ্বিপৰ দুবাৰকৈ পদক বিজেতা প্রণতিয়ে কালি বিয়লি ১৩ দশমিক ৪-১-৭ স্ক'ৰৰে বিশ্বকাপৰ প্ৰথমটো পদক হস্তগত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জয়লা হেগে ১৩ দশমিক ৬-৬-৭ আৰু ক্লেয়ৰ পিজে ১৩ দশমিক ৫-৬-৭ স্ক'ৰৰে সোণ আৰু ৰূপৰ পদক লাভ কৰে।