February 15, 2025 11:50 AM February 15, 2025 11:50 AM
5
কোকৰাঝাৰত ১৭ ফেব্ৰুৱাৰীত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী
কোকৰাঝাৰৰ বিটিআৰ বিধান পৰিষদীয় ভৱনত পৰহিলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। দিছপুৰৰ বাহিৰত প্ৰথমবাৰৰ বাবে হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ বাবে বিটিআৰ বিধান পৰিষদীয় ভৱন আৰু সচিবালয়ৰ লগতে সমগ্ৰ কোকৰাঝাৰ নগৰখনক সজাই-পৰাই তোলা হৈছে। অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কালি সংশ্লিষ্ট সকলো বিভাগৰ কাৰ্যবাহী সদস্য, সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত ব...