January 20, 2026 11:30 AM

views 27

কৰ্ণাটকৰ স্থানীয় নিকায়ৰ নিৰ্বাচন সন্দৰ্ভত কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ প্ৰতিক্ৰিয়া

কৰ্ণাটকৰ স্থানীয় নিকায়ৰ নিৰ্বাচনত বেলট পেপাৰ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত এটা পশ্চাদগামী পদক্ষেপ বুলি কেন্দ্রীয় মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা প্রহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীযোশীয়ে কয়, যে কর্ণাটক চৰকাৰে দশকজোৰা প্ৰগতিক অৱমূল্যায়ন কৰি এটা মিছা বক্তব্যক প্ৰমাণিত কৰাৰ চেষ্টা কৰিছে। তেওঁ কয়, যে ই ভি এম অহাৰ পাছত বুথ জালিয়াতি অথবা বুথ লুণ্ঠনৰ দৰে বিষয়সমূহ পুৰণা হৈ পৰিল। আনকি জ্ঞান, দৃষ্টিকোণ আৰু ব্যৱহাৰ সন্দৰ্ভত কৰ্ণাটক চৰকাৰৰ শেহতীয়া সমীক্ষাত জনসাধাৰণে ই ভি এমত অ...

December 3, 2025 4:01 PM

views 23

দেশত বৰ্তমানলৈ বিতৰণ কৰা ৰেচন কাৰ্ডসমূহৰ প্ৰায় ১০০ শতাংশকেই ডিজিটেল ৰূপ দিয়া হৈছে: প্রহ্লাদ যোশী

কেন্দ্ৰীয় খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্রহ্লাদ যোশীয়ে কয় যে দেশত বৰ্তমানলৈ বিতৰণ কৰা ৰেচন কাৰ্ডসমূহৰ প্ৰায় ১০০ শতাংশকেই ডিজিটেল ৰূপ দিয়া হৈছে। লোকসভাত আজি শূন্যকালত উত্থাপিত পৰিপূৰক প্রশ্নৰ উত্তৰ দি শ্ৰী যোশীয়ে কয় যে বৰ্তমানলৈ ২০ কোটি ৫৮ লাখ পৰিয়ালক প্ৰদান কৰা ৰেচন কাৰ্ডৰ প্ৰায় আটাইবোৰেই ডিজিটেল কৰি তোলা হৈছে। চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত হিতাধীকাৰীসকললৈ বিনামূলীয়াকৈ খাদ্য সামগ্ৰী প্ৰদান কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই ব্যৱস্থা ২...

September 5, 2025 9:07 PM

views 24

শক্তিৰ ব্যৱহাৰ সীমিত কৰাৰ লক্ষ্যৰে এটা নতুন ভূতাপীয় শক্তি নীতি যুগুতৰ বাবে মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক নির্দেশ কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে শক্তিৰ ব্যৱহাৰ সীমিত কৰাৰ লক্ষ্যৰে এটা নতুন ভূতাপীয় শক্তি নীতি যুগুত কৰাৰ বাবে নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলক নির্দেশ দিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীযোশীয়ে কয় যে ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত এই নতুন নীতিয়ে ভূতাপীয় শক্তি উপযুক্তভাৱে ব্যৱহাৰ তথা সুচল কৰা আৰু উদ্যোগৰ বাবে উপযোগী কৰি গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। নতুন দিল্লীত আজি ভূতাপীয় শক্তিৰ সম্ভাৱনা সন্দৰ্ভত অনুষ্ঠিত এখন বৈঠকত তেওঁ মন্ত্ৰালয়ৰ বিষয়াসকলক এই নির্দেশ দ...

May 24, 2025 3:56 PM

views 27

উত্তৰ-পূব অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰাত নবীকৰণযোগ্য শক্তিখণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছেঃ প্রহ্লাদ যোশী

উত্তৰ-পূব অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰাত নবীকৰণযোগ্য শক্তিখণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ৰাইজিং নৰ্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলনত শক্তিশালী ভাৰতৰ বাবে সেউজ উত্তৰ-পূব, নবীকৰণযোগ্য শক্তিৰ বিকাশ বিষয়ক মন্ত্রী পৰ্যায়ৰ সত্ৰত ভাষণ দি শ্রীযোশীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূবত অভূতপূর্ব উন্নয়ন পৰিলক্ষিত হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে উত্তৰ-পূবত অ...

March 26, 2025 7:16 PM

views 25

খাদ্যত ভেজালকৰণৰ অভিযোগৰ ক্ষেত্ৰত চৰকাৰৰ কঠোৰ আৰু খৰতকীয়া ব্যৱস্থা গ্ৰহণ : প্ৰহ্লাদ যোশী

খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে খাদ্যত ভেজালকৰণৰ অভিযোগৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ আৰু খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰি আহিছে। লোকসভাত আজি কেইটামান পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে খাদ্যত ভেজালকৰণ সন্দৰ্ভত অভিযোগ পালে চৰকাৰে লগে লগেই এই বিষয়ে অনুসন্ধানৰ ব্যৱস্থা কৰে আৰু কোনো খাদ্যসামগ্ৰী জনসাধাৰণৰ সেৱনৰ বাবে অনুপযোগী বিবেচিত হ'লে তেনে অপৰাধমূলক কাৰ্য হিচাপে গণ্য কৰি এনে ঘটনাৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে কাৰ্যব্যৱস্থা গ্ৰহণ কৰে । খাদ্যসামগ্ৰী পৰীক্ষণৰ বাবে সমগ্র দেশত...

March 20, 2025 4:08 PM

views 23

কেন্দ্ৰীয় চৰকাৰে দক্ষিণ ভাৰতত কোনো অন্যায় কাৰ্যৰ সমৰ্থন নকৰেঃ প্রহ্লাদ যোশী

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে কয় যে ডি এম কে দলে তামিলনাডুত নিজৰ বিফলতা লুকুৱাবৰ বাবে সংসদত প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণৰ বিষয়টো উত্থাপন কৰিছে। সদনৰ বাহিৰত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে দক্ষিণ ভাৰতত কোনো অন্যায় কাৰ্যৰ সমৰ্থন নকৰে। লোকপিয়লৰ পাছতহে সমষ্টি পুনৰনিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শ্ৰীযোশীয়ে প্ৰকাশ কৰে।

December 28, 2024 9:33 PM

views 24

কেব চালকসকলে ভিন ভিন ভাৰা লোৱা অভিযোগৰ তদন্তৰ নিৰ্দেশ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণক কেব চালকসকলে ভিন ভিন ভাৰা লোৱা বুলি উঠা অভিযোগৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। কেব চালকসকলে এণ্ড্ৰইড আৰু এপ্‌প সঁজুলি ব্যৱহাৰকাৰীসকলৰ পৰা একেই যাত্ৰা পথৰ বাবে ভিন ভিন ভাৰা লোৱা বুলি অভিযোগ উঠিছে। শ্রীযোশীয়ে সামাজিক মাধ্যমযোগে কৈছে, যে তেওঁ কেন্দ্ৰীয় গ্রাহক সুৰক্ষা প্ৰাধিকৰণক এই ঘটনাৰ বিশদ তদন্ত কৰিবলৈ আৰু শীঘ্ৰেই প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ লগতে গ্রাহক পৰিক্ৰমা, খাদ্য আৰু...

October 28, 2024 7:39 PM

views 22

ধান বনা কলত উৎপাদিত সামগ্রী ক্রয় কৰিবলৈ চৰকাৰ প্ৰতিশ্রুতিবদ্ধ বুলি কৃষকক আশ্বাস মন্ত্ৰী প্ৰহ্লাদ যোশীৰ

গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে চৰকাৰে ধান বনা কলত উৎপাদিত সকলো সামগ্রী ক্রয় কৰিবলৈ প্ৰতিশ্রুতিবদ্ধ বুলি কৃষকসকলক আশ্বাস দিছে। নতুন দিল্লীত আজি ধান বনা কলৰ স্বত্বাধিকাৰীসকলৰ বাবে ভাৰতীয় খাদ্য নিগমৰ অভিযোগ নিৰাময় ব্যৱস্থাৰ প'ৰ্টেল মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে পঞ্জীয়নৰ পৰা আৰম্ভ কৰি সমাধানলৈকে সকলো ব্যৱস্থা এতিয়া অনলাইনত কৰা হ'ব। তেওঁ কৃষকসকলক তেওঁলোকৰ প্ৰতিটো অভিযোগ স্বচ্ছ প্ৰক্ৰিয়াৰে সমাধান কৰা হ'ব বুলিও আশ্বাস দিয়ে।

June 26, 2024 8:32 PM

views 21

লোকসভা অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰা কাৰ্যক লৈ কংগ্ৰেছ দলক সমালোচনা কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে লোকসভা অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰা কাৰ্যক লৈ কংগ্ৰেছ দলক সমালোচনা কৰিছে। সংসদ ভৱনৰ বাহিৰত সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ আজি কয় যে, উপাধ্যক্ষৰ পদটোক লৈ আলোচনা কৰাৰ বাবে চৰকাৰ সাজু আছিল যদিও বিষয়টোক লৈ পূর্ব চর্ত আৰোপ কৰাটো উচিত হোৱা নাই। আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন ওৰফে লালন সিঙে বিষয়টোক লৈ কংগ্ৰেছ দলক সমালোচনা কৰি, লোকসভাৰ অধ্যক্ষ নিৰ্বাচনৰ প্ৰসংগক লৈ দলটোৱে চাপ প্ৰয়োগৰ ৰাজনীতিৰ আশ্ৰয় লোৱা বুলি অভিযোগ কৰে। আনহাতে কংগ্ৰেছ সভ...

June 12, 2024 8:21 PM

views 32

খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ বিষয়াসকলৰে প্ৰথমখন বৈঠক মন্ত্রী প্রহ্লাদ যোশীৰ

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশী আজি ৰাজ্যমন্ত্রী বি এল ৱাৰ্মা আৰু নিমুবেন বোম্বানিয়াৰ সৈতে নতুন দিল্লীত থকা তেওঁৰ কাৰ্যালয়ত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ বিষয়াসকলৰ লগত প্ৰথমখন বৈঠকত মিলিত হয়। বৈঠকত শ্ৰীযোশীয়ে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দোহৰাৰ লগতে খাদ্য বিতৰণ ব্যৱস্থা শক্তিশালী কৰি তোলাৰ বাবে লবলগীয়া গুৰুত্বপূৰ্ণ পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে। উল্লেখযোগ্য যে শ্রীযোশীয়ে কালি নতুন দিল্লীত গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নৱীকৰণযোগ্...