July 9, 2024 12:03 PM

views 16

গুবাহাটীত কাইলৈ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ প্ৰথম পৰ্যায়ৰ অনুষ্ঠান

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ প্ৰথম পৰ্যায়ৰ অনুষ্ঠান কাইলৈ অনুষ্ঠিত হ'ব। এই উপলক্ষে দিছপুৰৰ লোকসেৱা ভৱনত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কার্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱেও অংশগ্রহণ কৰিব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মুঠ ৩৪৯খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক ৬৮ কোটি ৪৪ লাখ টকা আদায় দিয়া হ'ব। এই আঁচনিৰ অধীনত ৯৪ হাজাৰ ৮৩৮ গৰাকী ছাত্ৰ-ছাত্রী উপ...