July 10, 2024 12:02 PM

views 36

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ আজি প্ৰথম পৰ্যায়ৰ অনুষ্ঠান

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ প্ৰথম পৰ্যায়ৰ অনুষ্ঠান আজি অনুষ্ঠিত হ'ব। এই উপলক্ষে দিছপুৰৰ লোকসেৱা ভৱনত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুয়েও অংশগ্ৰহণ কৰিব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মুঠ ৩৪৯খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক ৬৮ কোটি ৪৪ লাখ টকা আদায় দিয়া হ'ব। এই আঁচনিৰ অধীনত ৯৪ হাজাৰ ৮৩৮ গৰাকী ছাত্ৰ-ছাত্ৰী উপক...

June 25, 2024 1:11 PM

views 21

ৰেচন কার্ড দাখিলৰ জৰিয়তে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত নামভৰ্তি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পৰ্যায়ত বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব বিচৰা শিক্ষাৰ্থীসকলে পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে পৰিয়ালৰ ৰেচন কার্ডো দাখিল কৰিব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা ঘোষণা কৰে। তেওঁ কয় যে এই সন্দৰ্ভত মহাবিদ্যালয় কর্তৃপক্ষক নির্দেশ দিয়া হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা অনুসৰি এই আঁচনিৰ অধীনত প্ৰাদেশিকীকৃত তথা চৰকাৰী মহাবিদ্যালয়সমূহ আৰু ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমত প্ৰায় ৫৭ হা...