April 27, 2025 8:37 PM

views 12

পহলগামত হোৱা সন্ত্রাসবাদী আক্রমণ সন্দৰ্ভত কংগ্ৰেছে ৰাজনীতি কৰা বুলি বিজেপি নেতা প্রদীপ ভাণ্ডাৰীৰ অভিযোগ

বিজেপি নেতা প্রদীপ ভাণ্ডাৰীয়ে পহলগামত হোৱা সন্ত্রাসবাদী আক্রমণ সন্দৰ্ভত কংগ্ৰেছে পাকিস্তানক সমৰ্থন কৰাৰ লগতে ৰাজনীতি কৰা বুলি অভিযোগ তুলিছে। শ্রীভাণ্ডাৰীয়ে আজি নতুন দিল্লীত কয়, যে কংগ্ৰেছৰ বিবৃতিয়ে সন্ত্ৰাসবাদৰ বলি হোৱাসকলক অপমান কৰিছে। কৰ্ণাটকৰ কংগ্ৰেছৰ নেতাসকলে বিবৃতিত সন্ত্রাসবাদীয়ে ধৰ্মৰ বিষয়ে সোধা নাই বুলি উল্লেখ কৰাৰ বিষয়টো তেওঁ উত্থাপন কৰে। এয়া ৰাজনীতিৰ সময় নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এই সময়ত দেশ একত্ৰিত হৈ পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়া উচিত।