April 16, 2024 7:25 PM

views 20

আজিৰেপৰা বৰপেটাত পোষ্টেল বেলটেৰে ভোটদান প্ৰক্ৰিয়া আৰম্ভ

লোকসভা নিৰ্বাচনত ভোটদাতাৰ অংশগ্রহণ সৰ্বাত্মক কৰি তোলাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে নির্বাচনী প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। বৰপেটা জিলাত আজিৰেপৰা পোষ্টেল বেলটেৰে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। জিলাখনত কৰ্মৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিবোৰৰ ভোটদাতাসকলৰ বাবে এই ভোটগ্রহণ অনুষ্ঠিত কৰা হৈছে। ইয়াৰ বাবে বৰপেটা জিলা পৰিষদৰ কাৰ্যালয় আৰু বাৰাদিৰ আৰক্ষী নিবেশত দুটা ভোটকেন্দ্র স্থাপন কৰা হৈছে। জিলা নির্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই কয় যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰপেটা জিল...