April 9, 2025 8:17 PM

views 26

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ পোষণ পষেক ২০২৫ উদযাপন

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে পৰিপুষ্টিৰ সজাগতা, স্বাস্থ্য সজাগতা আৰু সামুহিক সৱলীকৰণৰ বাবে পোষণ পষেক ২০২৫ উদযাপন কৰিছে। এই পষেক পোষণ অভিযান ২.০ৰ অংশ। যাৰ উদ্দেশ্য হৈছে ব্যক্তিগত আৰু সমুহীয়া উন্নতি সাধন কৰা। এই পষেক উদযাপনৰ সময়ত পুৰিপুষ্টি আৰু সুস্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। বিশেষকৈ শিশু আৰু গৰ্ভৱতী মহিলাৰ পৰিপুষ্টিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। মন্ত্ৰালয়ে পোষণ পষেকৰ সপ্তম সংস্কৰণ যোৱা ৮ এপ্ৰিলৰ পৰা অহা ২২ এপ্ৰিললৈ পষেকযোৰা আয়োজনৰ দিহা কৰিছে।

April 8, 2025 12:41 PM

views 18

আজি পোষণ পষেকৰ সপ্তম সংস্কৰণ ৰূপায়ণ

মহিলা আৰু শিশু বিকাশ মন্ত্রালয়ে আজি পোষণ পষেকৰ সপ্তম সংস্কৰণ ৰূপায়ণ কৰিব। দেশৰ পৰা পৰিপুষ্টিজনিত সমস্যা দূৰ কৰি সুস্থ ভাৰত গঢ়াৰ লক্ষ্যৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে এইবাৰ চাৰিটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই অনুসৰি শিশুৰ জন্মৰ পৰা প্রথম এহেজাৰ দিনৰ পৰিপুষ্টি নিশ্চিত কৰা, হিতাধিকাৰী সকলৰ মাজত পৰিপুষ্টি নির্ণয়ৰ বাবে পৰ্যালোচনা কৰা, স্বাস্থ্য সন্মত জীৱনশৈলী গঢ়ি তুলি শিশুৰ মেদবহুলতা নিয়ন্ত্ৰণ কৰা আৰু সামগ্ৰিকভাৱে স্বাস্থ্য আৰু পৰিপুষ্টি নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব...