September 27, 2024 1:10 PM September 27, 2024 1:10 PM
6
ৰাষ্ট্ৰজুৰি সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে ৯ কোটিৰো অধিক কাৰ্যসূচী ৰূপায়ণ
সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে সমগ্ৰ ৰাষ্ট্ৰজুৰি ৯ কোটিৰো অধিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। পুষ্টিহীনতা ৰোধ কৰা আৰু সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে এই বাৰ্ষিক অভিযানৰ অধীনত ৰক্তহীনতা দূৰীকৰণৰ বাবে এক কোটি ৮৮ লাখ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আনহাতে শিশুৰ বিকাশ নিৰীক্ষণৰ লক্ষ্যৰে এক কোটি ৬৮ লাখ আৰু পৰিপূৰক মাতৃ দুগ্ধপানক লৈ এক কোটি ৪৫ লাখ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইপিনে এই অভিযানৰ পোষণ ভী পঢ়াই ভী অর্থাৎ পুষ্টিৰ লগতে অধ্যয়ন কাৰ্যসূচীৰ অধীনত এক কোটি ৫৯ লাখ কাৰ্যসূচী অনুষ্ঠিত হয়। অন্যান্য কার্যসূচী যে...