November 4, 2025 10:44 AM November 4, 2025 10:44 AM
20
■ চিৰাং জিলাৰ কাজলগাঁৱৰ ছেচন ন্যায়াধীশৰ আদালতৰ ২গৰাকী অভিযুক্তক পক্ছ’ আইনৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড
◆ চিৰাং জিলাৰ কাজলগাঁৱৰ ছেচন ন্যায়াধীশৰ আদালতে কালি এগৰাকী নাবালিকাক ধৰ্ষণ আৰু সেই ঘৃণনীয় কাৰ্যৰ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অপৰাধত দুগৰাকী অভিযুক্তক পক্ছ' আইনৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান দিয়ে। ন্যায়াধীশ চি চতুর্বেদীৰ আদালতে কালি অভিযুক্ত ফিলিপ কাছোৱা আৰু চিমন বেচেৰাক এই ৰায় দিয়াৰ লগতে ২০ হাজাৰ টকাকৈ জৰিমণা বিহে। জৰিমণা আদায় নকৰিলে দুয়োগৰাকী অপৰাধীয়ে অতিৰিক্ত এবছৰকৈ কাৰাদণ্ডৰ শাস্তি ভূগিব লাগিব। উল্লেখযোগ্য যে যোৱা বছৰৰ ২ আগষ্টত চিৰাং জিলাৰ ভাৰত-ভূটান সীম...