November 4, 2025 10:44 AM

views 34

■ চিৰাং জিলাৰ কাজলগাঁৱৰ ছেচন ন্যায়াধীশৰ আদালতৰ ২গৰাকী অভিযুক্তক পক্‌ছ’ আইনৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

◆ চিৰাং জিলাৰ কাজলগাঁৱৰ ছেচন ন্যায়াধীশৰ আদালতে কালি এগৰাকী নাবালিকাক ধৰ্ষণ আৰু সেই ঘৃণনীয় কাৰ্যৰ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অপৰাধত দুগৰাকী অভিযুক্তক পক্‌ছ' আইনৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান দিয়ে। ন্যায়াধীশ চি চতুর্বেদীৰ আদালতে কালি অভিযুক্ত ফিলিপ কাছোৱা আৰু চিমন বেচেৰাক এই ৰায় দিয়াৰ লগতে ২০ হাজাৰ টকাকৈ জৰিমণা বিহে। জৰিমণা আদায় নকৰিলে দুয়োগৰাকী অপৰাধীয়ে অতিৰিক্ত এবছৰকৈ কাৰাদণ্ডৰ শাস্তি ভূগিব লাগিব। উল্লেখযোগ্য যে যোৱা বছৰৰ ২ আগষ্টত চিৰাং জিলাৰ ভাৰত-ভূটান সীম...

October 17, 2025 12:13 PM

views 40

শিশু যৌন নিৰ্যাতনৰ গোচৰত আয়ুব আলি চৌধুৰী নামৰ এজন লোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা

কামৰূপ মহানগৰ জিলাৰ পক্‌ছ’ আদালতে কালি শিশু যৌন নিৰ্যাতনৰ গোচৰত আয়ুব আলি চৌধুৰী নামৰ এজন লোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছে। পক্‌ছ' আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত দোষী সাব্যস্ত কৰি আদালতে অপৰাধীজনক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে। হাতীগাঁও আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত চৌধুৰীক গ্ৰেপ্তাৰ কৰা হৈছিল।

June 8, 2024 1:53 PM

views 24

নৰহৰি বৰ্মন নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ কামৰূপ মহানগৰ জিলাৰ POCSO আদালতৰ

কামৰূপ মহানগৰ জিলাৰ POCSO আদালতে শিশু যৌন নিৰ্যাতনৰ গোচৰত নৰহৰি বৰ্মন নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিছে। এটি ১০ বছৰীয়া কন্যা শিশুক যৌন নির্যাতন চলোৱাৰ সন্দৰ্ভত মহানগৰীৰ ভঙাগড় থানাত ২০২২ চনত গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিতেই দীৰ্ঘদিন ধৰি শুনানি গ্ৰহণ কৰি কালি আদালতে নৰহৰি বৰ্মনক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।