September 16, 2024 7:57 PM

views 23

তামিলনাডুৰ ঠুটুকুড়ি বন্দৰত নৱমটো কণ্টেইনাৰ টার্মিনেল মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তামিলনাডুৰ ঠুটুকুড়ি বন্দৰত নৱমটো কণ্টেইনাৰ টার্মিনেল মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ড্ৰণ পৰ্য্যবেক্ষণ কেন্দ্ৰ, স্তম্ভ লাইট আৰু সৌৰশক্তি প্ৰকল্পৰ দৰে কেইবাটাও সা-সুবিধা উৎসর্গা কৰে। অনুষ্ঠানত শ্ৰীসোণোৱালে কয় যে, প্রায় ৪০০ কোটি টকা ব্যয় সাপেক্ষে নৱ-নির্মিত কণ্টেইনাৰ টার্মিনেলটো বছৰি ৬ লাখ কণ্টেইনাৰ পৰিচালনা কৰিব পৰাকৈ সমৰ্থ। তেওঁ লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰে দেশজুৰি বন্দৰ, আন্তঃগাঁথনি প্ৰসাৰৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছ...