December 20, 2025 12:52 PM

views 22

ৰাজ্যৰ ৭ খন জিলাত গাহৰি মাংস বিক্ৰীত থকা নিষেধাজ্ঞা প্রত্যাহাৰ

ৰাজ্যৰ ৭ খন জিলাত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্রত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰা হৈছে। উল্লেখযোগ্য যে আফ্রিকান ছোৱাইন ফিভাৰৰ ব্যাপক সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত যোৱা ১৬ নবেম্বৰৰ পৰা যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ আৰু দৰং জিলাত গাহৰি মাংস বিক্ৰীৰ লগতে গাহৰিৰ সৰবৰাহ নিষিদ্ধ কৰা হৈছিল। শেহতীয়াকৈ নমুনা পৰীক্ষাত আফ্রিকান SWINE FEVER ঋণাত্মক হোৱাত মাংস বিক্ৰীৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্রত্যাহাৰ কৰা হৈছে। অৱশ্যে আন্তঃ জিলা গাহৰি সৰবৰাহৰ ক্ষেত্ৰত পূৰ্বৰ নিষেধাজ্ঞা বাহাল থাকিব। ইপিনে, বহিঃৰাজ্যৰ পৰা চাৰ...