May 6, 2024 1:43 PM

views 22

ৰাজ্যত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণৰ হ’বলগীয়া সমষ্টিসমূহত কাইলৈ বন্ধৰ দিন হিচাপে ঘোষণা

♦ ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সমষ্টিসমূহৰ অন্তৰ্গত জিলাকেইখনত ভোটগ্ৰহণৰ দিনটো অৰ্থাৎ‍ কাইলৈ বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্যজনিত জৰুৰী সেৱা আৰু অত্যৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ সেৱা আদি ৰেহাই দিয়া হৈছে। আনহাতে, ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰা হৈছে বুলি জিলা নির্বাচনী কোষে প্রকাশ কৰে।

May 6, 2024 1:41 PM

views 24

কামৰূপ মহানগৰ জিলাত কাইলৈ অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণত মুঠ ১,০২৬ টা ভোটকেন্দ্ৰৰ ৪৫ টা কেন্দ্ৰ স্থানান্তৰ

♦ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত কামৰূপ মহানগৰ জিলাত কাইলৈ অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণত মুঠ ১,০২৬টা ভোটকেন্দ্ৰৰ ৪৫ টা কেন্দ্ৰ স্থানান্তৰ কৰা হৈছে। দুটা সমষ্টিৰ ভোটাৰ থকা কোনো এটা কেন্দ্ৰতে যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হৈছে। কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ভোটাৰসকলে যাতে অতি সহজে ভোটকেন্দ্র চিনাক্ত কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ০৩৬১-৪০৮৪৯৭৫ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। স্থানান্তৰ কৰা ভোটকেন্দ্ৰসমূহৰ ভোটাৰসকলে যিকোনো অসুবিধাৰ সন্মুখীন হ'লেই ...

May 2, 2024 12:26 PM

views 20

তৃতীয় পৰ্যায়ত ৭ মে’ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্যায়ত অহা ৭ মে'ত দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূর্বে এইটো পৰ্যায়ত মুঠ ৯৪টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেটুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে গুজৰাটৰ চুৰাট সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীজন বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জম্মু আৰু কাশ্মীৰৰ অনন্তনাগ-ৰাজৌৰী সং...

April 26, 2024 8:56 PM

views 14

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত বিয়লি ৫ বজাপর্যন্ত সামগ্রিকভাৱে ৬৫.৭৬ শতাংশৰো অধিক ভোটদান

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত আজি ১২ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৮ খন আসনৰ বাবে আজি সুকলমে ভোটগ্রহণ অনুষ্ঠিত হয়। আজি বিয়লি ৫ বজাপর্যন্ত ৰাষ্ট্ৰীয় পৰ্যায়ত সামগ্রিকভাৱে ৬৫.৭৬ শতাংশৰো অধিক ভোটদানৰ তথ্য পোৱা গৈছে। ৰাজ্যসমূহৰ ভিতৰত ত্ৰিপুৰাত সৰ্বাধিক ৭৭ শতাংশৰো অধিক, মণিপুৰত ৭৬ শতাংশৰো অধিক আৰু পশ্চিমবংগত ৭১ দশমিক ৮৪ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে। আনহাতে, উত্তৰ প্ৰদেশত সর্বনিম্ন ৫২ দশমিক ৭৪ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। আনহাতে, অসমত শেহতীয়া তথ্য অনুসৰি ৭...

April 26, 2024 8:54 PM

views 27

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন, বিয়লি ৫ বজাপর্যন্ত ৭০ শতাংশৰো অধিক ভোটদান

ৰাজ্যৰ ৫টা সমষ্টিত আজি শান্তিপূর্ণভাৱে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হয়। অৱশ্যে ৫ বজাৰ আগেয়ে ভোটকেন্দ্ৰসমূহত উপস্থিত হোৱা ভোটদাতাসকলক ভোটদানৰ সুবিধা প্ৰদান কৰি থকা হৈছে। বিয়লি ৫ বজাপর্যন্ত ৰাজ্যখনত ৭০ শতাংশৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। আজি প্ৰতিটো সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰসমূহত পুৱা ৭ বজাৰে পৰা ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হয়। দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত নিয়াৰিকৈ ভোটগ্রহণ সম্পন্ন হৈছে বুলি আমাৰ সংবাদাতাসকলে জানিবলৈ ...