November 13, 2025 12:17 PM

views 39

ৰাজ্যৰ ৫টা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ

■ ৰাজ্যৰ পাঁচটা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ কৰিছে। কালি দিছপুৰৰ অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী কক্ষত অনুষ্ঠিত এখন বৈঠকত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি দলক প্রত্যাহ্বান জনোৱাৰ বাবে ঐক্যবদ্ধ বিৰোধী মঞ্চ গঠনৰ সম্ভাৱনীয়তা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। এই সভাত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শ‍ইকীয়া, সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈয়ে অংশগ্ৰহণ কৰে। ৰাইজৰ দলৰ হৈ বিধায়ক অখিল...