August 17, 2025 7:22 PM

views 24

বাক্সাৰ ককলাবাৰী পৰিষদীয় সমষ্টিত জনসভাত উপস্থিত গৌৰৱ গগৈ

● বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ কেশৱ নগৰত আজি ককলাবাৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত এখন বিশাল জনসভা অনুষ্ঠিত হয়। বাক্সা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি বুদ্ধদেৱ ফাদাঙগিৰীৰ সভাপতিত্বত অনুষ্ঠিত এই জনসভাত অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত ভাষণ দি শ্ৰী গগৈয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে। সভাত কংগ্ৰেছ দলৰ বিধায়ক আব্দুল ৰহিম আহমেদকে ধৰি কেইবাগৰাকীও দলীয় নেতাই অংশগ্রহণ কৰে।