May 7, 2024 12:22 PM May 7, 2024 12:22 PM
10
লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ উপলক্ষে দিনৰ ১.২০ মিনিট আৰু সন্ধিয়া ৭.২০ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ অনুষ্ঠান
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ উপলক্ষে আজি দিনৰ ১.২০ মিনিট আৰু সন্ধিয়া ৭.২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত আজি আৰু অহা ১৩, ২০ আৰু ২৫ মে' তথা ১ জুনৰ নিশা ৯ বাজি ২৫ মিনিটৰ আঞ্চলিক বাতৰি নিশা ৯ বাজি ১০ মিনিটত প্ৰচাৰ কৰা হ’ব।