May 17, 2024 5:38 PM

views 23

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত ২৫ মে’ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭ টা সমষ্টিত ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্রয়াস চলাইছে। পঞ্চম পৰ্যায়ত ২০ মে'ত ৪৯টা সমষ্টিৰ বাবে ভোটগ্রহণ হোৱাৰ বিপৰীতে ষষ্ঠ পৰ্যায়ত ২৫ মে'ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭ টাকৈ সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে উত্তৰ প্ৰদেশত প্ৰচাৰ অভিযানত ভাগ লয়। শ্রীমোদীয়ে আজি বাৰাবাংকী, ফতেহপুৰ আৰু হামিৰপুৰত ৩ খন নির্বাচ...

May 17, 2024 5:28 PM

views 28

আজি সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন

সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন। এই পৰ্যায়ত সাতখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টিৰ বাবে ১ জুনত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম তথা অন্তিম পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পাঞ্জাবৰ ১৩খনকৈ, পশ্চিম বংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ তিনিখন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ এখন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব। অহা ৪ জুনত আটাইকেইটা পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব।

May 17, 2024 5:20 PM

views 30

মুম্বাইৰ বান্দ্ৰা-কুলা কমপ্লেক্স গ্রাউণ্ডত আই এন ডি আই মিত্রজোঁটৰ সমাবেশৰ আয়োজন

মুম্বাইৰ বান্দ্ৰা-কুলা কমপ্লেক্স গ্রাউণ্ডত আই এন ডি আই মিত্রজোঁটে আজি সমাবেশৰ আয়োজন কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, এন চি পিৰ জ্যেষ্ঠ নেতা শাৰদ পাৱাৰ, উদ্ধৱ থাকৰে আৰু আই এন ডি আই মিত্ৰজোঁটৰ আন আন নেতাসকলেও এই সমাবেশত অংশ ল'ব।

May 11, 2024 8:19 PM

views 31

বিজেপিয়ে এখন ৰাষ্ট্ৰ এজন নেতাৰ ধাৰণাক প্ৰচাৰ কৰা বুলি অভিযোগ কেজৰিৱালৰ

আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা অৰবিন্দ কেজৰিৱালে আজি বিজেপিয়ে এখন ৰাষ্ট্ৰ এজন নেতাৰ ধাৰণাক প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্ৰীকেজৰিৱালে কয় যে, বিজেপিয়ে নানা ভুৱা অভিযোগেৰে আম আদমী পার্টিক চূৰ্ণ কৰিব বিচাৰিছে, কিন্তু এয়া সম্ভৱ নহয় কাৰণ আম আদমী পাৰ্টি কেৱল এটা ৰাজনৈতিক দল নহয় বৰং ই এটা আদর্শবাদ। নতুন দিল্লীত এখন সংবাদমেলত কেজৰিৱালে কেন্দ্ৰত আই এন ডি আই মিত্ৰজোটে পৰৱৰ্তী চৰকাৰ গঠন কৰিব আৰু আপ চৰকাৰৰ অংশ হ'ব আস্থা ব্যক্ত কৰে। ইয়াৰ লগতে তেওঁ বিজেপিক কলংকিত আৰু দুৰ্নীতিগ্ৰস্ত নেতাক দলত অন্...

May 11, 2024 8:17 PM

views 18

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত সৰ্বমুঠ ৬৫.৬৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত সৰ্বমুঠ ৬৫.৬৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ইয়াৰে ভিতৰত প্ৰায় ৬৬.৮৯ শতাংশ মহিলা, ৬৪.৪১ শতাংশ পুৰুষ আৰু ২৫.০২ শতাংশ তৃতীয় লিংগৰ ভোটাৰ আছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি তৃতীয় পৰ্যায়ত অসমত সর্বাধিক ৮৫.৩৪ শতাংশ মহিলা ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই ক্ষেত্ৰত ৮৩.০১ শতাংশ ভোটদানেৰে পশ্চিমবংগ দ্বিতীয় স্থানত থাকে। উত্তৰ প্ৰদেশত আটাইতকৈ কম সংখ্যক মহিলা ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। ৰাজ্যখনত মহিলা ভোটদাতাৰ ভোটদানৰ হাৰ ৫...

May 11, 2024 7:50 PM

views 20

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ বিয়লি ৫ বজাত সামৰণি

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি ৫ বজাত প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্ৰচাৰৰ সামৰণি পৰিবলৈ মাজত কেইঘণ্টামান বাকী থকা পৰিপ্ৰেক্ষিতত বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ কান্ধামাল জিলাৰ ফুলবানীত এখন নির্বাচনী সমাবেশত অংশগ্ৰহণ কৰে। নিৰ্বাচনী প্ৰচাৰ সভাখনত বিৰ...

May 11, 2024 2:34 PM

views 36

চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৮খন লোকসভা আসনৰ বাবে অহা ১৩ মে’ত ভোটগ্রহণ

● মধ্যপ্ৰদেশত উজ্জয়ন, মান্দচাউৰ, ধাৰ, ইণ্ডোৰ, খাগান আৰু খানৱা লোকসভা সমষ্টিকে ধৰি মুঠ ৮খন লোকসভা আসনৰ বাবে অহা ১৩ মে'ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ বাবে ৰাজ্যখনৰ মালোৱা, নিমাৰ অংশত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে ৰত্নাম আৰু ইণ্ডোৰত প্ৰচাৰ চলোৱাৰ লগতে মধ্যপ্ৰদেশৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভি ডি শৰ্মাই দেৱজ আৰু ধাৰ্ড আৰু প্ৰাক্তন মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে উজ্জয়িনীত প্ৰচাৰ চলাব। উল্লেখযোগ্য যে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগবিজয় সিং, সঞ্জয় কাপুৰ...

May 11, 2024 2:38 PM

views 25

আজি চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰিব

◆ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। প্ৰচাৰৰ সামৰণি পৰিবলৈ মাজত কেইঘণ্টামান বাকী থকা পৰিপ্ৰেক্ষিতত বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি হায়দাবাদৰ এল বি ষ্টেডিয়ামত এখন নির্বাচনী সভাত ভাষণ দিয়ে। শ্রীমোদীয়ে কয় যে, বিজেপিয়ে বিগত ১০ ব...

May 11, 2024 2:26 PM

views 33

কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিবঃ মোদী

বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিব। ওড়িশাৰ কান্ধামাল জিলাৰ ফুলবানীত আজি পুৱা এখন নির্বাচনী সমাবেশত ভাষণ দি শ্রী মোদীয়ে কয় যে, বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই এই নিৰ্বাচনত ৪০০ খনতকৈও অধিক লোকসভা আসনত জয়ী হ'ব আৰু কংগ্ৰেছে কেৱল ৫০ খন আসনতহে জয়লাভ কৰিব পাৰিব। তেওঁ কয় যে, কংগ্ৰেছৰ দুৰ্বল ভাবধাৰাৰ বাবেই জম্মু- কাশ্মীৰৰ জনসাধাৰণে দশক দশক জুৰি সংগ্ৰা...

May 9, 2024 6:12 PM

views 16

লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। চতুর্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে মাত্ৰ তিনিটা দিন থকা অৱস্থাত প্রধান ৰাজনৈতিক দলসমূহৰ আগশাৰীৰ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ বাবে জনসাধাৰণৰ পৰা সমৰ্থন বিচাৰি প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আজি বিয়লি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, উন্নাও, মোহনলাল গঞ্জ আৰু ৰায়বৰেলি সংসদীয় সমষ্টিৰ দলীয় কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হ'ব। তেওঁ লগ...