September 11, 2024 1:19 PM September 11, 2024 1:19 PM
16
বিজেপিৰ ৰাষ্ট্ৰজোৰা সদস্যভর্তি অভিযানৰ অধীনত মাত্র ৮ দিনৰ ভিতৰত ২ কোটিৰো অধিক নতুন সদস্য অন্তৰ্ভুক্ত
ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰজোৰা সদস্যভর্তি অভিযানৰ অধীনত মাত্র ৮ দিনৰ ভিতৰতে ২ কোটিৰো অধিক নতুন সদস্য দলত অন্তৰ্ভুক্ত হৈছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২ ছেপ্তেম্বৰত সদস্য-পদ গ্রহণ কৰি এই অভিযানৰ আৰম্ভ কৰিছিল। বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ টাওড়েই এটা বিবৃতিযোগে কৈছে যে দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু দলৰ সাংগঠনিক সাধাৰণ সম্পাদক এন সন্তোষে সুকীয়া সুকীয়াকৈ উত্তৰ প্ৰদেশ, বিহাৰ, ছত্তিশগড়, মধ্য প্রদেশ, ওড়িশা, কর্ণাটক, তামিলনাড়ু, গুজৰাট আৰু ৰাজস্থানৰ ক...