May 6, 2025 9:43 AM

views 39

অহা বিধানসভা নির্বাচলৈ অগপ আৰু বিজেপিৰ মিত্ৰতা অটুত থাকিব: মুখ্যমন্ত্রী

অহা বিধানসভা নির্বাচলৈ অগপ আৰু বিজেপিৰ মিত্ৰতা অটুত থাকিব। বজালীত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। বজালীত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে মিত্ৰতা অটুত থাকিলেও পৰৱৰ্তী বিধানসভা নিৰ্বাচনত আসনৰ সংখ্যা কম-বেছি হ'ব পাৰে। ইপিনে, বিটিআৰৰ আসন্ন নির্বাচনৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে মিত্রতা নহ'বও পাৰে বুলি জানিবলৈ দিয়ে। অৱশ্যে বিটিআৰ নিৰ্বাচনত বিজেপি আৰু ইউ পি পি এলে বন্ধুত্বমূলক...

May 3, 2025 11:38 AM

views 36

৫৬.৪১ শতাংশ ভোটদানেৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন

■ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কালি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ মুঠ ১৪ খন জিলাত ভোটগ্রহণ সম্পন্ন হয়। ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য অনুসৰি ৫৬.৪১ শতাংশ ভোটদান সম্পন্ন হয়। তিনিচুকীয়া জিলাত ৪৮.১৪ শতাংশ, ডিব্ৰুগড়ত ৪৫ শতাংশ, চৰাইদেউত ৫০.৯৪ শতাংশ, শিৱসাগৰত ৫৭.৭২ শতাংশ, মাজুলীত ৬১.৬৭ শতাংশ, যোৰহাটত ৫৭ শতাংশ, গোলাঘাটত ৫২.৫১ শতাংশ, ধেমাজিত ৬২.১ শতাংশ, লখিমপুৰত ৬৬.৫ শতাংশ, শোণিতপুৰত ৫২.৫ শতাংশ আৰু বিশ্বনাথত ৫৬.৮৯ শতাংশ ভোটদান সম্পন্ন হৈছে। আনহাতে বৰাক উপত্যকাৰ কাছাৰ জিলাত ৫৮.৫৫ শতাংশ, হাই...

April 11, 2025 6:23 PM

views 27

ডি এম কেৰ নেতা তথা তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে দলৰ উপ-সাধাৰণ সচিব পনমুদীক পদৰ পৰা বহিষ্কাৰ কৰিছে

ডি এম কেৰ নেতা তথা তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে আজি দলৰ উপ-সাধাৰণ সচিব পনমুদীক এই পদৰ পৰা বহিষ্কাৰ কৰে। পনমুদীয়ে মহিলা সন্দৰ্ভত বিৰূপ মন্তব্য কৰা এটা ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাছত ডি এম কেৰ সাংসদ কানিমুঝিকে ধৰি বিভিন্ন মহলে ইয়াৰ ব্যাপক সমালোচনা কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হয়। পনমুদীয়ে ষ্টেলিন চৰকাৰৰ বন মন্ত্ৰী হিচাপেও দায়িত্বভাৰ গ্ৰহণ কৰি আছিল। মন্ত্ৰীগৰাকীৰ মন্তব্য ভিডিঅ’টো অনলাইন মাধ্যমত বহুল প্ৰচাৰ হোৱাৰ ফলত দলৰ শীৰ্ষ নেতৃত্বই অতি শীঘ্ৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। ত্ৰ...

January 8, 2025 8:42 PM

views 22

দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ আৰু মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্রী মহম্মদ ঘাছান মৌমুনৰ মাজত দ্বিপাক্ষিক বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ আৰু মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্রী মহম্মদ ঘাছান মৌমুনে আজি নতুন দিল্লীত এখন দ্বিপাক্ষিক বৈঠকত প্ৰশিক্ষণ, নিয়মীয়া সামৰিক অনুশীলন, প্ৰতিৰক্ষা প্ৰকল্পকে ধৰি দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে। বৈঠকত দুয়োপক্ষই ভাৰত-মালদ্বীপ ব্যাপক অর্থনীতি আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিৰ যুটীয়া দৰ্শনৰ গুৰুত্বক অনুধাৱন কৰি একেলগে কাম কৰাৰ বাবে পুনৰ প্ৰতিশ্ৰুতিবদ্ধ হয়। প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙে কেন্দ্ৰীয় চৰকাৰৰ চুবুৰীয়া প্ৰথম নীতিৰ অংশ হিচাপে মালদ্বীপৰ প্ৰত...

December 5, 2024 8:21 PM

views 28

তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাবিছৰ শপত গ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নাবিছে আজি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শিৱসেনাৰ একনাথ সিন্দে আৰু ৰাষ্ট্রবাদী কংগ্ৰেছ পাৰ্টীৰ অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণ কৰে। উল্লেখযোগ্য যে বিজেপি-শিৱসেনা-এন চি পি মিত্রজোঁটে মহাৰাষ্ট্ৰত অলপতে হৈ যোৱা বিধানসভা নিৰ্বাচনত ২৮৮ খন আসনৰ ভিতৰত ২৩০ খন আসন লাভ কৰিছে।মুম্বাইৰ ঐতিহাসিক আজাদ ময়দানত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে শ্রীফাড়নাবিছক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰ...

November 28, 2024 6:56 PM

views 25

বিলাসীপাৰাত ‘আপ’ৰ জনসভাত মনোজ ধানোৱাৰঃ আদানিৰ স্বাৰ্থ ৰক্ষাৰ বাবে স্মাৰ্ট মিটাৰ সংস্থাপনৰ অভিযোগ

আজি আম আদমী পাৰ্টিৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত বিলাসীপাৰাৰ গোপীগাওঁ তৃতীয় খণ্ড বেলতলীত আয়োজিত জনসভাত আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ উপস্থিত থাকে৷ অনুষ্ঠানত মনোজ ধানোৱাৰে কয় ‘অসম চৰকাৰে স্মাৰ্ট মিটাৰৰ জৰিয়তে জনসাধাৰণৰ ওপৰত লুণ্ঠন চলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই গুজৰাটী ব্যৱসায়ী গৌতম আদানিৰ প্ৰতিষ্ঠানৰ লাভৰ স্বাৰ্থত স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাৰ ওপৰত মাধমাৰ সোধাইছে। যি সময়ত দিল্লীৰ আম আদমী পাৰ্টিৰ চৰকাৰে ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগান আঁচনি প্ৰৱৰ্তন কৰ...

October 26, 2024 6:16 PM

views 36

বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপিৰ মনোনীত প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ মন্ত্ৰী পীযূষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে হ'বলগীয়া আসন্ন উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অব্যাহত ৰাখিছে। মন্ত্ৰী পীযূষ হাজৰিকাই বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপিৰ মনোনীত প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । ইয়াৰ লগতে তেওঁ চামগুৰি সমষ্টিৰ বিজেপিৰ মনোনীত প্রার্থী দিল্লুৰঞ্জন শৰ্মাৰ হৈও প্ৰচাৰত অংশ লয়। ইপিনে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই আজি ছিদলী সমষ্টিৰ মনোনীত প্রার্থী সঞ্জীৱ ৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰচাৰৰ মাজতে তে...

October 22, 2024 11:25 AM

views 26

৫ বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি

■ ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে। শাসকীয় বিজেপিয়ে তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ বিপৰীতে কংগ্ৰেছ দলেও চাৰিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ইতিমধ্যে আনুষ্ঠানিকভাবে ঘোষণা কৰে। বিজেপিয়ে ধলাই আসনত নিহাৰ ৰঞ্জন দাস, বিহালীত দিগন্ত ঘাটোৱাৰ আৰু চামগুৰিত দিল্লুৰঞ্জন শৰ্মাক প্রার্থিত্ব প্ৰদান কৰিছে। আনহাতে কংগ্ৰেছ দলে ধলাই সমষ্টিৰ বাবে ধ্ৰুৱজ্যোতি পুৰকায়স্থ, ছিদলী সমষ্টিত সঞ্জীৱ ওৱাৰী, বঙাইগাঁৱত ব্ৰজেনজিৎ সিনহা আৰু চামগুৰি সমষ্টিৰ বাবে তানজিল...

October 14, 2024 7:58 PM

views 39

অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত জন্মলাভ কৰা আঞ্চলিক দল অসম গণ পৰিষদ দলে আজি ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। ডিব্ৰুগড় জিলাৰ লাহোৱাল-চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত জেৰাই গাঁৱত আজি দিনযোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে দলটোৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। দলৰ সভাপতি অতুল বৰাই পতাকা উত্তোলনেৰে আৰম্ভ কৰা এই কাৰ্যসূচীত জিলা সমিতিসমূহৰ সভাপতিসকল আৰু দলৰ আন জ্যেষ্ঠ নেতাসকলে ৪০ খন পতাকা উত্তোলন কৰে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত শ্বহীদ তৰ্পণ কৰি দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই অসম আন্দোলনৰ সময়ত শ্বহীদসক...

September 14, 2024 2:43 PM

views 35

প্রধানমন্ত্ৰী মোদীয়ে বিয়লি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি কুৰুক্ষেত্ৰত হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰচাৰৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে আজি বিয়লি কুৰুক্ষেত্ৰৰ থেম পাৰ্কত এখন নির্বাচনী সভাত ভাষণ দিব। এইখন হৈছে হাৰিয়ানাত প্রধানমন্ত্ৰীৰ প্ৰথমখন নির্বাচনী সভা। মুঠ ৯০খন আসন বিশিষ্ট হাৰিয়ানা বিধানসভাৰ নিৰ্বাচন ৫ অক্টোবৰত অনুষ্ঠিত হ'ব আৰু ৮ অক্টোবৰত ভোটগণনা কৰা হ'ব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ২০১৪ চনত প্ৰথমবাৰৰ বাবে হাৰিয়ানাৰ ক্ষমতালৈ অহা বিজেপিয়ে তৃতীয়টো কাৰ্য্যকালৰ বাবে এইবাৰ ক্ষমতা ...