June 24, 2025 12:15 PM

views 20

ৰাজ্যৰ বিভিন্ন স্থানত সোমবাৰৰ পৰা পঞ্চায়ত গঠনৰ বাবে আনুষ্ঠানিকতা আৰম্ভ

■ ৰাজ্যত যোৱা ১১ মে'ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ যোৱাৰ পাছত শেহতীয়াকৈ পঞ্চায়তসমূহৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত কালিৰেপৰা পঞ্চায়ত গঠনৰ বাবে আনুষ্ঠানিকতা আৰম্ভ কৰা হৈছে। এইবাৰ পঞ্চায়ত গঠনৰ নিয়ম অনুসৰি সভাপতিগৰাকীক প্রত্যক্ষভাৱে নিৰ্বাচিত কৰাৰ পৰিৱৰ্তে নিৰ্বাচিত পঞ্চায়তৰ সদস্যসকলৰ জৰিয়তে মনোনীত কৰাৰ ব্যৱস্থা কৰা হৈছে। ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদলনি উন্নয়ন খণ্ড আৰু ধেমাজি উন্নয়ন খণ্ডৰ ১১ খন গাঁও পঞ্চায়ত কালি গঠন কৰা হয়। নৱনিৰ্বাচিত পঞ্চায়ত সভাপতিসকলে ...

June 2, 2025 9:13 PM

views 36

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে কাইলৈ আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব। কাইলৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এটা অনুষ্ঠানত গগৈয়ে বিদায়ী সভাপতি ভূপেন বৰাৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰিব। ইয়াৰ আগতে আজি গৌৰৱ গগৈয়ে কলিয়াবৰৰ পৰা বটদ্ৰৱালৈ আহে আৰু বটদ্ৰবা থানত সেৱা জনায়। ইয়াৰ পাছত তেওঁ মৰিগাঁৱলৈ আহে। মৰিগাঁৱত তেওঁ প্রাক্তন বিধায়িকা জোন জোনালী বৰুৱাৰ বাসগৃহলৈ গৈ প্ৰয়াত নেত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ সৈতে মত-বিনিময় কৰে। মৰিগাঁৱত তেওঁক ভালেসংখ্যক কংগ্ৰেছ কৰ্মীয়ে শোভা...

June 2, 2025 9:52 AM

views 48

২০২৬ চনত ভাৰতীয় জনতা পাৰ্টিয়ে পশ্চিমবংগত পৰৱৰ্তী চৰকাৰ গঠন কৰিব: গৃহমন্ত্ৰী

গৃহমন্ত্রী অমিত শ্বাহে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক তীব্র সমালোচনা কৰি কয়, যে ২০২৬ চনত ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি কলকাতাৰ নেতাজী ইনড'ৰ ষ্টেডিয়ামত আয়োজিত এখন জনসভাত ভাষণ দি এইদৰে কয়। ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটা বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাত ৰাজ্যখনত হিংসাত্মক পৰিস্থিতি অধিক বৃদ্ধি হৈছে। সীমান্তৰ সিপাৰৰ অনুপ্ৰৱেশ এতিয়া পশ্চিমবংগৰ অন্যতম গুৰুতৰ সমস্যা। ৰাজ্যখনত ...

June 1, 2025 12:00 PM

views 83

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লাভৰ পাছত প্ৰথমবাৰৰ বাবে গৃহ জিলাত উপস্থিত গৌৰৱ

● অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছত কালি প্ৰথমবাৰৰ বাবে গৃহ জিলা যোৰহাটত উপস্থিত হয়। জিলাখনত কংগ্ৰেছ দলৰ ভালেসংখ্যক নেতা-কর্মীয়ে তেওঁক আদৰণি জনায়। ৰৰৈয়া বিমান বন্দৰৰ পৰা নেতাগৰাকী যোৰহাট ষ্টেডিয়ামত উপস্থিত হৈ দলীয় কৰ্মীসকলক উদ্দেশ্যি ভাষণ দিয়ে।

May 29, 2025 9:18 PM

views 46

নির্বাচন আয়োগে আজি ৪খন ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ৩৭৩ গৰাকী নিৰ্বাচন কৰ্মীক প্রশিক্ষণ প্ৰদান কাৰ্য আৰম্ভ কৰে

নির্বাচন আয়োগে আজি নতুন দিল্লীত ৪খন ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ ৩৭৩ গৰাকী নিৰ্বাচন কৰ্মীক প্রশিক্ষণ প্ৰদান কাৰ্য আৰম্ভ কৰে। অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয়, যে আইনমতে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন কৰ্মীসকলক এই প্ৰশিক্ষণ দিয়াটো অতি গুৰুত্বপূৰ্ণ তেওঁ লগতে কয়, যে এই প্ৰশিক্ষণৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে নির্বাচন সংক্রান্তীয় বহু বিষয় সন্দৰ্ভত অৱগত হ'ব পাৰিব। অংশগ্ৰহণকাৰীসকলক ভোটাৰৰ পঞ্জীকৰণ তথা অন্যান্য আনুসংগিক বিষয়ৰ লগতে তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে...

May 20, 2025 8:44 PM

views 27

মহাৰাষ্ট্ৰৰ মহা যুটি চৰকাৰৰ মন্ত্ৰী হিচাপে জ্যেষ্ঠ এন চি পি নেতা চগন ভুজবালৰ শপত গ্ৰহণ

জ্যেষ্ঠ এন চি পি নেতা চগন ভুজবালে আজি মহাৰাষ্ট্ৰৰ মহা যুটি চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে আজি ৰাজভৱনত মন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। শপত গ্রহণ অনুষ্ঠানত মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছ, উপ-মুখ্যমন্ত্রী একনাথ সিন্দে আৰু অজিত পাৱাৰ উপস্থিত থাকে।

May 6, 2025 9:43 AM

views 39

অহা বিধানসভা নির্বাচলৈ অগপ আৰু বিজেপিৰ মিত্ৰতা অটুত থাকিব: মুখ্যমন্ত্রী

অহা বিধানসভা নির্বাচলৈ অগপ আৰু বিজেপিৰ মিত্ৰতা অটুত থাকিব। বজালীত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। বজালীত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথাবতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে মিত্ৰতা অটুত থাকিলেও পৰৱৰ্তী বিধানসভা নিৰ্বাচনত আসনৰ সংখ্যা কম-বেছি হ'ব পাৰে। ইপিনে, বিটিআৰৰ আসন্ন নির্বাচনৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে মিত্রতা নহ'বও পাৰে বুলি জানিবলৈ দিয়ে। অৱশ্যে বিটিআৰ নিৰ্বাচনত বিজেপি আৰু ইউ পি পি এলে বন্ধুত্বমূলক...

May 5, 2025 6:18 PM

views 26

পঞ্চায়তৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি ৪.৩০ বজাত সামৰণি

পঞ্চায়তৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি ৪.৩০ বজাত সামৰণি পৰিছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন পৰহিলৈ অনুষ্ঠিত হ'ব। প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলায়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াও কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে৷ ...

April 26, 2025 8:10 PM

views 48

পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে হাটশিঙিমাৰী জিলা প্রশাসনৰ প্রস্তুতি সম্পূৰ্ণ

মানকাচৰত অহা ৭ মে’ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে হাটশিঙিমাৰী জিলা প্রশাসনে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। নির্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে হাটশিঙিমাৰীত আয়োজিত প্রিজাইডিং আৰু প’লিং বিষয়াৰ দুদিনীয়া প্ৰশিক্ষণৰ আজি সামৰণি পৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত এহেজাৰ ৮৫১ গৰাকী প্রিজাইডিং আৰু প’লিং বিষয়াই অংশগ্ৰহণ কৰে। সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া ২৫টা ভোটগ্রহণ কেন্দ্ৰত নিয়োজিত শতাধিক মহিলা প্রিজাইডিং আৰু প’লিং বিষয়াকো প্রশিক্ষণ প্রদান কৰা হয়। উল্লেখযো...

April 26, 2025 8:07 PM

views 34

শ্রীভূমি জিলাৰ নিলাম বজাৰত আয়োজিত বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রতিদিনে নির্বাচনী প্ৰচাৰত অংশ লৈছে। মুখ্যমন্ত্ৰগৰাকীয়ে আজি বৰাকৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ চলায়৷ শ্রীভূমি জিলাৰ নিলাম বজাৰত আয়োজিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি সমর্থিত প্রার্থীসকলক ভোট দিব আহ্বান জনায়। শ্রীভূমিত আয়োজিত সংকল্প সভাখনত মন্ত্ৰী কৃষ্ণেন্দু পাল,...