October 7, 2025 12:00 PM

views 90

অহা ১১ নৱেম্বৰত মিজোৰামৰ ডাম্পা বিধানসভা সমষ্টিৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ’ব

● নির্বাচন আয়োগে অহা ১১ নৱেম্বৰত মিজোৰামৰ ডাম্পা বিধানসভা সমষ্টিৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। অহা ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব। নির্বাচন আয়োগে কালি সন্ধিয়া মিজোৰামৰ ডাম্পা সমষ্টিৰ লগতে আৰু আন ৭ খন ৰাজ্যৰ কেইবাটাও সমষ্টিৰ উপ-নির্বাচন তথা বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে।

October 7, 2025 12:03 PM

views 54

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টিৰ ১১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ

■ সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পার্টিয়ে ১১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। বেগুচৰাই সমষ্টিত ড০ মীৰা সিং, বংকিপুৰ সমষ্টিত ড০ পংকজ কুমাৰ, গোবিন্দগঞ্জ সমষ্টিত অশোক কুমাৰ সিং আৰু ফুলৱাৰী সমষ্টিত অৰুণ কুমাৰ ৰজকৰ নাম ঘোষণা কৰা হৈছে। বেনীপট্টি সমষ্টিত শুব্দা যাদৱ, কাছবা সমষ্টিত ভানু ভাৰতীয়া আৰু কিষাণগঞ্জ সমষ্টিত আশ্রফ আলমক প্রার্থিত্ব দিয়া হৈছে। উল্লেখযোগ্য যে অহা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত বিহাৰৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ'ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব। নির্বাচন ...

September 26, 2025 11:57 AM

views 50

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ

●বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হোৱা ভোটগণনা পুৱাৰে পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে চলি আছে। এই ভোটগণনাৰ জৰিয়তে ৩১৬ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ'ব। আবেলিৰ ভিতৰত আটাইকেইটা সমষ্টিৰ ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে যোৱা ২২ ছেপ্তেম্বৰত বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণত ৭৮.৪২ শতাংশ লোকে ভোটদান কৰিছিল। ইয়াৰ ভিতৰত কোকৰাঝাৰ জিলাৰ ১২টা সমষ্টিত ৮২.২৭ শতাংশ, ওদালগুৰি জিলাৰ ১০টা সমষ্টিত ৭৫.১৭ শতাংশ, তামুলপুৰ জিলাৰ ৪টা...

September 25, 2025 10:06 PM

views 58

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানক দলৰ নিৰ্বাচনী দায়িত্বভাৰ অৰ্পণ

বিজেপিয়ে আজি সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানক দলৰ নিৰ্বাচনী দায়িত্বভাৰ অৰ্পণ কৰিছে। দলে কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাৰ্টিল আৰু উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌর্যক নির্বাচনী দায়িত্বভাৰ অৰ্পণ কৰিছে।

September 22, 2025 7:13 PM

views 46

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণত ৭১.৮৪ শতাংশ ভোটদান

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি বিয়লি ৪ বজাত সামৰণি পৰিছে। আজি পুৱা ৭.৩০ বজাৰ পৰা অনুষ্ঠিত ভোটগ্ৰহণত ৭১.৮৪ শতাংশ ভোটদান হোৱা বুলি অসম ৰাজ্যিক নির্বাচন আয়োগে প্রকাশ কৰিছে। অৱশ্যে সকলো ভোটগ্রহণ কেন্দ্ৰৰ পৰা সম্পূৰ্ণ তথ্য লাভ কৰাৰ পাছত এই সংখ্যা আৰু বাঢ়িব পাৰে বুলি কোৱা হৈছে। আমাৰ সংবাদদাতাসকলে জনোৱা অনুসৰি কোকৰাঝাৰ জিলাৰ ১২টা সমষ্টিত আবেলি ৩.৩০ বজালৈকে ৭০.৬৮ শতাংশ ভোটগ্রহণ হয়। পর্বতঝোৰা সমষ্টিত ৭৫.৪৩ শতাংশ আৰু যমদুৱাৰ সমষ্টিত ৭৫.১৬ শতাংশ ভোটদান হয়। বাক্সা জিলাত বিয়লি ৩.৩০ বজালৈ ৫৭.৫৮...

September 13, 2025 11:57 AM

views 90

বিটিচি নিৰ্বাচনঃ শাসক-বিৰোধী উভয় পক্ষৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ

● বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয় পক্ষই বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত বিজেপি প্ৰাৰ্থীৰ হৈ বহুকেইখন সভাত অংশগ্রহণ কৰাৰ লগতে ইউ পি পি এলৰ প্ৰাৰ্থীৰ হৈ প্ৰমোদ বড়ো, বি পি এফৰ প্ৰাৰ্থীৰ হৈ হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন স্থানত সভাত অংশ লৈ ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাই আহিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কালি চিৰাং জিলাৰ বিজনী মহকুমাৰ মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ...

September 11, 2025 12:52 PM

views 47

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত

■ আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। ওদালগুৰি জিলাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত কালি ইউ পি পি এল দলৰ এখন সংকল্প সভা অনুষ্ঠিত হয়। বিটিচিৰ খৈৰাবাৰী, ভেৰগাঁও, নোনাই ছেৰফাং, খালিংদুৱাৰ আৰু মুদৈবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীকেইগৰাকীৰ সমৰ্থনত চলোৱা এই প্ৰচাৰ সভাত দলৰ সভাপতি প্রমোদ বড়োৱে অংশগ্ৰহণ কৰে। তেওঁ বি টি আৰৰ ২৬ টা জনগোষ্ঠীৰ জনসাধাৰণৰ শান্তি-সম্প্ৰীতি আৰু প্ৰগতিৰ স্বাৰ্থত বি টি চিত পুনৰ ইউ পি পি এল দলক চৰকাৰ গঠনৰ সুযোগ দিয়...

September 8, 2025 11:10 PM

views 43

বিটিচিৰ নিৰ্বাচনৰ বাবে প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি

বিটিআৰৰ ৪০টা সমষ্টিত অহা ২২ ছেপ্তেম্বৰত হ'বলগীয়া বিটিচিৰ নিৰ্বাচনৰ বাবে জিলা কেইখনৰ প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে। ৰাজনৈতিক দলসমূহেও দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। তামুলপুৰ জিলা প্ৰশাসনে নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আজি জিলাখনৰ বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত প্রিজাইডিং আৰু প’লিং বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই প্রশিক্ষণত জিলা আয়ুক্তই প্ৰশিক্ষাৰ্থীসকলক নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্...

August 18, 2025 9:30 PM

views 61

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে শাসক- বিৰোধী সকলো দলেই নিজৰ দলীয় ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰি আহিছে। আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ওৰাং আৰু ওদালগুৰিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। বিটিচি পৰিষদীয় নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ লক্ষ্যৰে ড০ শৰ্মাই ওদালগুৰি জিলাৰ সদৰত আৰু ওৰাং চাহ বাগিচাত দুখনকৈ সভাত অংশগ্ৰহণ কৰি দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। এইবাৰৰ নিৰ্বাচন বিটিআৰৰ ৰাইজৰ বাবে সমস্যাবিহীন, বিক...

August 7, 2025 7:01 PM

views 37

বিটিচি নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

আসন্ন বিটিচি নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। শাসকীয় দল বিজেপিয়েও বিটিআৰৰ প্ৰতিখন জিলাৰ মণ্ডল, বুথ সমিতিসমূহৰ সাংগঠনিক ভেটি শক্তিশালী কৰি নিৰ্বাচনৰ বাবে সাজু হৈছে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বাক্সা জিলাৰ বাগানপাৰাত ৯ আগষ্টত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিবলগীয়া সভাৰ প্ৰস্তুতি সম্পর্কে বুজ লয়। মন্ত্রী জয়ন্ত মল্লবৰুৱাই সভাৰ স্থান পৰিদৰ্শন কৰাৰ লগতে দলীয় কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰে। বিটিআৰৰ প্ৰতিটো জাতি-জনগোষ্ঠীক সমান অধিকাৰ দিয়াৰ লক্ষ্যৰে বিজেপিয়ে এই...