January 6, 2026 7:07 AM

views 34

অগপৰ বজালী জিলা সমিতিৰ কাৰ্যালয়ত নতুন বছৰ উপলক্ষে সাংবাদিকৰ সৈতে মত-বিনিময় অনুষ্ঠান

অগপৰ বজালী জিলা সমিতিৰ কাৰ্যালয়ত আজি নতুন বছৰ উপলক্ষে সাংবাদিকৰ সৈতে হোৱা এটা মত- বিনিময় অনুষ্ঠানত সমাগত নির্বাচনত বজালী সমষ্টিত অগপই প্রার্থিত্ব বিচৰাৰ কথা প্ৰকাশ কৰে। ইংৰাজী নৱবৰ্ষত বজালীৰ সাংবাদিকসকলক শুভেচ্ছা জনোৱাৰ বাবে অগপৰ বজালী বিধানসভা সমষ্টিৰ সমিতিৰ সভাপতি জিন্টু চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত এই মত-বিনিময় অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ড০ ৰঞ্জিত ডেকাই মিত্ৰজোঁটৰ ধৰ্ম অনুসৰি এই সমষ্টিটো অগপক এৰি দিয়াৰ পোষকতা কৰে। তেওঁ কয় যে অগপ-বিজেপি লগ হৈ অসমৰ উন্নতিৰ হকে কাম কৰি আহিছে ...

January 6, 2026 7:33 AM

views 22

সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ তৎপৰতা আৰম্ভ

ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ তৎপৰতা আৰম্ভ হৈছে। ২০২৬ চনৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে দলটোৱে আবেদন পত্ৰ ৱেবছাইটযোগে মুকলি কৰি দিছে। WWW.APCC.ASSAM.ORG ৱেবছাইটযোগে প্রায় ৫ শতাধিক প্রার্থিত্ব প্রত্যাশীয়ে আবেদন সংগ্রহ কৰিছে। ইয়াৰে ৫গৰাকী আবেদনকাৰীয়ে আজি ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে আবেদন দাখিল কৰিছে। প্রার্থীসকলে অসম প্রদেশ কংগ্ৰেছ কমিটীলৈ সাহায্য হিচাপে ডিমাণ্ড ড্রাফ্‌টযোগে ৫০ হাজাৰকৈ টকা জমা দিছে। আবেদন পত্র জমা দিয়া প্ৰাৰ্থীসকলৰ ভিতৰত টিংখং সমষ্টিৰ...

January 6, 2026 7:39 AM

views 22

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যজুৰি আৰম্ভ বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীত

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যজুৰি আজি আৰম্ভ হোৱা বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই খানাপাৰাত শুভাৰম্ভ কৰে। দেৱাল লিখন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে দেৱালৰ গৰাকীৰ অনুমতি সাপেক্ষেহে দলৰ চিহ্ন অংকণ কৰা হ'ব। ইয়াৰ ফলত গণ-সংযোগৰ মাধ্যমেৰে প্ৰচাৰ অভিযান চলাব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে জালুকবাৰী সমষ্টিৰ বৰাগাঁৱত দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তা...

December 27, 2025 6:42 PM

views 15

ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লোকসেৱা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনক লৈ আলোচনাৰ বাবে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লোকসেৱা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। সন্ধ্যা ৭ বজাত হ'বলগীয়া এই বৈঠকত বিজেপিৰ সকলো মন্ত্ৰী-বিধায়ক আৰু সাংসদ উপস্থিত থাকিব। বৈঠকত বিধানসভা নিৰ্বাচনৰ দলীয় কৌশল সন্দৰ্ভত আলোচনা কৰা হ'ব।

December 22, 2025 8:13 PM

views 12

মুৰ্ছিদাবাদৰ ভৰতপুৰৰ তৃণমূল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবিৰে জনতা উন্নয়ন দল নামেৰে নতুন ৰাজনৈতিকক দল গঠন কৰিছে

মুৰ্ছিদাবাদৰ ভৰতপুৰৰ তৃণমূল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবিৰে জনতা উন্নয়ন দল নামেৰে এটা নতুন ৰাজনৈতিকক দল গঠন কৰিছে। মুখ্যমন্ত্রী মমতা বেনাৰ্জী এসময়ৰ ঘণিষ্ঠ বুলি জনাজাত তৃণমূল কংগ্ৰেছৰ এই প্রাক্তন বিধায়কজনে মুর্চিদাবাদ জিলাৰ বেলদাংগাত বাবৰি মছদিজ নিৰ্মাণৰ পৰিকল্পনাৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পাছতে হুমায়ুন কবিৰক দলৰ পৰা বহিস্কাৰ কৰা হৈছিল। নতুন দলটোৰ ঘোষণা কৰি বিধায়কজনে কয় যে তৃণমূল কংগ্ৰেছ আৰু বিজেপি দললৈ প্ৰত্যাহ্বান জনাই দুয়োটা দলক নিৰ্বাচনত পৰাভূত কৰাই দলটোৰ উদ্দেশ্য। ইপিনে, নত...

December 3, 2025 3:45 PM

views 44

দিল্লী পৌৰ নিগমৰ ১২টা ৱাৰ্ডৰ উপ-নির্বাচনত বিজেপিৰ ৭ খন আসন লাভ

দিল্লী পৌৰ নিগমৰ ১২টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত উপ-নির্বাচনত বিজেপিয়ে ৭ খন আসন লাভ কৰিছে। এই উপ-নির্বাচনত আম আদমী পার্টিয়ে ৩ খন আৰু কংগ্ৰেছ আৰু অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক দলে এখনকৈ আসনত জয়লাভ কৰিছে। ফলাফল ঘোষণা হোৱাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত চান্দনী চৌক সমষ্টিৰ সাংসদ প্রবীণ খাণ্ডেলৱালে কয় যে পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফলত দিল্লীত বিজেপিয়ে কৰা কাম-কাজৰ প্ৰতিফলন পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে যোৱা ৩০ নৱেম্বৰত মুঠ ৫৮০ টা ভোট কেন্দ্ৰত ভোটগ্রহণ সম্পন্ন হোৱা এই উপ-নির্বাচনত ২৬ গৰাকী মহিলাকে ধৰ...

December 3, 2025 11:41 AM

views 36

সমাগত বিধানসভা নির্বাচন সন্দৰ্ভত অসমৰ সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

● ৰাজ্যৰ সমাগত বিধানসভা নির্বাচন সন্দৰ্ভত আলোচনা কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অসমৰ সাংসদসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। নতুন দিল্লীৰ সংসদ ভৱনত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত অসমৰ সাংসদসকলে ৰাজ্যখনৰ উন্নয়নকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত প্রধানমন্ত্ৰীৰ সৈতে আলোচনা কৰে। প্ৰায় এঘণ্টা ধৰি চলা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়া, সাংসদ প্ৰদান বৰুৱা, ৰঞ্জিত দত্ত, ৰামেশ্বৰ তেলী, কৃপানাথ মাল্লা, পৰিমল শ...

November 20, 2025 9:07 PM

views 24

বি টি আৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বশিষ্ঠৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত পর্যালোচনা বৈঠক অনুষ্ঠিত

২০২৬-ৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বি টি আৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আজি বশিষ্ঠৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বি টি চিৰ অন্তৰ্গত পাঁচোখন জিলাৰ সভাপতি, জিলা প্ৰভাৰী, বিগত নির্বাচনত প্ৰতিন্দ্বন্দ্বিতা কৰা প্ৰাৰ্থী আৰু সাংগঠিনক প্ৰভাৰীসকলে বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত সমাগত বিধানসভা নিৰ্বাচনৰ বাবে পুনৰ বিটিচিত দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে নিৰন্তৰভাৱে দলীয় কাৰ্যসূচীসমূহ আগবঢ়াই লৈ যোৱা সন্দৰ্ভত আলোচনা কৰা হয়। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ...

November 13, 2025 12:17 PM

views 39

ৰাজ্যৰ ৫টা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ

■ ৰাজ্যৰ পাঁচটা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ কৰিছে। কালি দিছপুৰৰ অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী কক্ষত অনুষ্ঠিত এখন বৈঠকত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি দলক প্রত্যাহ্বান জনোৱাৰ বাবে ঐক্যবদ্ধ বিৰোধী মঞ্চ গঠনৰ সম্ভাৱনীয়তা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। এই সভাত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শ‍ইকীয়া, সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈয়ে অংশগ্ৰহণ কৰে। ৰাইজৰ দলৰ হৈ বিধায়ক অখিল...

November 11, 2025 6:30 PM

views 42

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। শেহতীয়া তথ্য অনুসৰি ৩১.৩৮ শতাংশ ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত ২০ খনৰো অধিক জিলাৰ ১২২ টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। মুঠ এহেজাৰ ৩০২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই নিৰ্ণয় কৰিব। প্ৰাৰ্থীসকলৰ ভিতৰত ১৩৬ গৰাকী মহিলা। পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া সন্ধিয়া ৬ বজালৈকে চলিব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত ৭ টা সমষ্টিত সন্ধিয়া ৫ বজাত ভোটগ্ৰহণৰ অন্ত পৰিব ৷ ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে চলাৰ ক্ষ...