October 13, 2025 7:51 PM October 13, 2025 7:51 PM
22
ৰাজ্যৰ ২৬ খন জিলাত কালিৰেপৰা ৩দিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্রতিষেধক প্রদান কাৰ্যসূচী ৰূপায়ণ
শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে ৰাজ্যৰ ২৬ খন জিলাত কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ' প্রতিষেধক প্রদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। গোৱালপাৰা জিলাতো ৫ বছৰ বয়সৰ ভিতৰৰ মুঠ এক লাখ ৯৬ হাজাৰ শিশুক এই বিশেষ অভিযানৰ জৰিয়তে পলিঅ' প্ৰতিষেধক প্ৰদান কৰিবলৈ লোৱা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাত কালি প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ প্ৰথমদিনা প্রায় ৬৫ শতাংশ শিশুক পলিঅ' দিয়া হয়। জিলাখনৰ ৩২৮ খন ঠাইত এই কাৰ্যসূচীত এহেজাৰ ৭৮ গৰাকী স্বাস্থ্যকর্মীয়ে ৫১ হাজাৰ ৭২৮ টি শিশুক প্রতিষেধক প্রদান কৰে। জিল...