August 27, 2024 11:06 AM

views 39

ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি অটুট ৰখা, জনসাধাৰণ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে অসম আৰক্ষীৰ বিশেষ পহৰাৰ ব্যৱস্থা

অসম আৰক্ষীয়ে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি অটুট ৰখা তথা জনসাধাৰণ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত অৰ্ধসামৰিক বাহিনীৰ সহযোগত সমগ্ৰ ৰাজ্যতে বিশেষ পহৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কেতবোৰ বিক্ষিপ্ত ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শান্তি-শৃংখলা পৰিস্থিতি যাতে ব্যাহত নহয় তাৰ বাবে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকসকলে বিশেষ সতর্কতা অৱলম্বন কৰিছে। বৰপেটা জিলাতো প্ৰতিটো ৰাজহ চক্ৰৰ অধীনৰ অঞ্চলত আৰক্ষীয়ে টহলৰ ব্যৱস্থা কৰিছে। নিশাৰ ভাগতো জিলাখনৰ একাংশ অঞ্চলত আৰক্ষীৰ লগতে অর্ধসামৰিক বাহিনীৰ জোৱানৰ এই তৎপৰতা অব্যাহত থাকে।...