October 21, 2025 7:25 PM

views 55

ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষী স্মৃতি দিৱস পালন

ৰাজ্যৰ বিভিন্ন স্থানত আজি আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে দেশৰ বাবে প্রাণ আহুতি দিয়া আৰক্ষীলৈ শ্রদ্ধাঞ্জলি জনোৱা হয়। হাটশিঙিমাৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো আজি আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। জিলা আৰক্ষী অধীক্ষক হৰেণ টকব্বীয়ে আৰক্ষীৰ স্মৃতি দিৱস সম্পর্কে আলোকপাত কৰে। তিনিচুকীয়া আৰক্ষী ছাউনীটো আজি আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। একেদৰে যোৰহাট আৰক্ষীয়েও স্মৃতি দিবস পালন কৰে। জিলাখনৰ আৰক্ষী অধীক্ষককে ধৰি আৰক্ষী বিষয়া আৰু কৰ্মচাৰীসকলে সাহসী জোৱানসকললৈ শ্রদ্ধা নিবেদন কৰে। কাছ...

October 21, 2025 7:10 PM

views 45

আৰক্ষী স্মৃতি দিৱস উপলক্ষে আৰক্ষী কর্মীসকলৰ অদম্য সাহস আৰু চৰম বলিদানৰ প্রতি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ শ্রদ্ধা নিবেদন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি আৰক্ষী স্মৃতি দিৱস উপলক্ষে আৰক্ষী কর্মীসকলৰ অদম্য সাহস আৰু চৰম বলিদানৰ প্রতি শ্রদ্ধা নিবেদন কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে কয়, যে দেশৰ সুৰক্ষা আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি আৰক্ষী কৰ্মীসকলৰ অভূতপূর্ব প্রতিশ্রুতিবদ্ধতা সন্মানৰ উৎস স্বৰূপ। তেওঁ কয়, যে যিকোনো সংকট আৰু মানৱীয় আৱশ্যকতাৰ সময়তো সেৱাৰ প্ৰতি প্ৰদৰ্শন কৰা নিষ্ঠা আৰু তৎপৰতাৰে আৰক্ষীয়ে সাহসিকতা, দয়া, কৰুণা আৰু কৰ্তব্যনিষ্ঠাৰ নিদর্শন দেখুৱাই আহিছে। লাডাখত হট স্প্রিংছত অস্ত্র-শস্ত্ৰৰে সুসজ্জিত চ...

October 21, 2025 7:03 PM

views 50

এটা শক্তিশালী আৰক্ষী বাহিনীয়েহে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়িব পাৰে আৰু এয়াই চৰকাৰৰো লক্ষ্যঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

এটা শক্তিশালী আৰক্ষী বাহিনীয়েহে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়িব পাৰে আৰু এয়াই চৰকাৰৰো লক্ষ্য বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। আৰক্ষীৰ স্মৃতি দিৱস উপলক্ষে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত ছহিদসকলৰ প্রতি শ্রদ্ধার্ঘ্য নিবেদন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে সেনা বাহিনী আৰু আৰক্ষী বাহিনীৰ মঞ্চ ভিন ভিন হ'ব পাৰে, কিন্তু তেওঁলোকৰ মিছন এটাই আৰু সেয়া হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা। তেওঁ কয়, যে সেনা বাহিনীয়ে দেশক সুৰক্ষিত কৰে আৰু আৰক্ষীয়ে সমাজক সুৰক্ষিত কৰে। সেনা ব...