October 21, 2025 11:41 AM

views 32

আৰক্ষী স্মৃতি দিৱসত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

কাহিলিপাৰাৰ দশম অসম আৰক্ষী ছাউনীত আজি আৰক্ষী স্মৃতি দিৱস উদযাপন কৰা হয়। এই দিৱস উপলক্ষে দেশৰ বাবে প্ৰাণ আহুতি দিয়া আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ছহিদসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমীত সিঙকে ধৰি আৰক্ষীৰ শীর্ষ বিষয়াসকলেও শ্রদ্ধাঞ্জলি জনায়। দিৱস উপলক্ষে আকর্ষণীয় পেৰেড অনুষ্ঠিত হয়। আৰক্ষী স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসম আৰক্ষীলৈ অভিবাদন জ্ঞাপন কৰে। দেশক ৰক্ষা কৰাৰ বাবে আৰক্ষীৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ বিষয়ে...

October 21, 2024 12:31 PM

views 18

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় পুলিচ স্মাৰকত অমিত শ্বাহৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

আজি আৰক্ষী স্মৃতি দিৱস। এই উপলক্ষে গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় পুলিচ স্মাৰকত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। দেশৰ আৰক্ষী জোৱানসকলৰ বলিদানক স্মৰণ কৰি শ্ৰী শ্বাহে কয় যে, যোৱা দশকত আমাৰ বীৰ জোৱানসকলৰ প্ৰচেষ্টাত জম্মু-কাশ্মীৰ, উত্তৰ-পূব আৰু বাওপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত হোৱা অঞ্চলসমূহত শান্তি বিৰাজ কৰিছে। তেওঁ কয় যে, যোৱা এটা বছৰত ২১৬ গৰাকী আৰক্ষী জোৱানে দেশৰ বাবে বলিদান দিছে।