July 4, 2024 9:09 PM July 4, 2024 9:09 PM
12
আজি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ দ্বাদশ পূণ্য তিথি
কবিতাৰে জনতাৰ হৃদয় জয় কৰা সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ দ্বাদশ পূণ্য তিথিত আজি অনুৰাগীসকলৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তেওঁক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছে। অসমীয়া কাব্য সাহিত্য জগতৰ অন্যতম ভোটা তৰা কবিগৰাকীলৈ শ্রদ্ধা নিবেদন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অতুলনীয় শব্দ সম্ভাৰেৰে কবিতা সৃষ্টি কৰা শব্দৰ খনিকৰগৰাকীৰ কবিতাত দেশপ্রেম, মানৱ প্রেম, প্রকৃতি আদিৰ মনোমোহা অলংকাৰ দেখিবলৈ পোৱা যায়। সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কবিগৰাকীৰ অসাধাৰণ ব্যক...