November 12, 2025 8:51 PM

views 30

পবিতৰা অভয়াৰণ্যত আজিৰে পৰা ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে হাতী ছাফাৰী আৰম্ভ

পবিতৰা অভয়াৰণ্যত আজিৰে পৰা ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে হাতী ছাফাৰী আৰম্ভ হৈছে। অভয়াৰণ্যখনত যোৱা ২৩ অক্টোবৰত পৰ্যটকৰ বাবে জীপ ছাফাৰী মুকলি কৰা হৈছিল। এটা খৰ্গযুক্ত গঁড়ৰ বিচৰণভূমি পবিতৰা অভয়াৰণ্য এইবাৰ কিছু পলমকৈ আৰম্ভ কৰা হৈছে। অভয়াৰণ্যখনৰ বিধবস্ত বাট-পথ মেৰামতিৰ পাছতহে পৰ্যটকৰ বাবে কৰ্তৃপক্ষই জীপ ছাফাৰী মুকলি কৰি দিছে। উল্লেখযোগ্য যে ২০২৪-২৫ পর্যটন বৰ্ষত ৩৪ হাজাৰ ৩৯০ গৰাকী দেশী-বিদেশী পৰ্যটকৰ পবিতৰালৈ আগমন ঘটিছিল। এই বৰ্ষত পৰ্যটকৰ পৰা ৬১ লাখ ২৬ হাজাৰ ৪২৫ টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছিল বুলি অভয়াৰ...

October 22, 2025 12:36 PM

views 65

পবিতৰা অভয়াৰণ্য কাইলৈ পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ব

● পবিতৰা অভয়াৰণ্য কাইলৈ পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বাৰিষাৰ বাবে বন্ধ হৈ থকা অভয়াৰণ্যখনত বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি ইতিমধ্যে মেৰামতি কৰা হৈছে বুলি অভয়াৰণ্যখনৰ মাণ্ডলিক বিষয়া প্ৰাঞ্জল বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে অভয়াৰণ্যখন মুকলি কৰাৰ লগে লগে পর্যটকসকলে জীপ আৰু হাতী চাফাৰি কৰিব পাৰিব। উল্লেখযোগ্য যে ১৯৯৮ চনত পবিতৰা সংৰক্ষিত বনাঞ্চল আৰু ৰজামায়ং পাহাৰ সংৰক্ষিত বনাঞ্চলৰ একত্ৰীকৰণ কৰি পবিতৰা অভয়াৰণ্যখন গঠন কৰা হৈছিল। বিশ্বৰ ভিতৰত কম আয়তনত সৰ্বাধিক গঁড় থকা অভয়াৰণ্যখনৰ দ্বাৰ বন...

October 21, 2025 7:27 PM

views 141

মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্য বৃহস্পতিবাৰে পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ব

মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্য পৰহিলৈ পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বাৰিষাৰ বাবে বন্ধ হৈ থকা অভয়াৰণ্যখনত বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি ইতিমধ্যে মেৰামতি কৰা হৈছে বুলি অভয়াৰণ্যখনৰ মাণ্ডলিক বিষয়া প্রাঞ্জল বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে অভয়াৰণ্যখন মুকলি কৰাৰ লগে লগে পর্যটকসকলে জীপ আৰু হাতী চাফাৰি কৰিব পাৰিব। উল্লেখযোগ্য যে ১৯৯৮ চনত পবিতৰা সংৰক্ষিত বনাঞ্চল আৰু ৰজামায়ং পাহাৰ সংৰক্ষিত বনাঞ্চলৰ একত্ৰীকৰণ কৰি পবিতৰা অভয়াৰণ্যখন গঠন কৰা হৈছিল। বিশ্বৰ ভিতৰত কম আয়তনত সর্বাধিক গঁড় থকা অভয়াৰণ্যখনৰ দ্বাৰ ...

October 20, 2025 6:08 PM

views 67

পবিতৰা অভয়াৰণ্য ২৩ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব

২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্য অহা ২৩ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বিশ্বৰ ভিতৰত কম আয়তনত সর্বাধিক গঁড় থকা অভয়াৰণ্যখনৰ দ্বাৰ ৰাজ্য চৰকাৰৰ বন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব। উল্লেখযোগ্য যে বানপানীৰ সময়ছোৱাত ক্ষয়-ক্ষতি হোৱা অভয়াৰণ্যখনৰ আন্তঃগাঁথনি ইতিমধ্যে মেৰামতি কৰি তোলা হৈছে। সম্প্রতি ১১০টা গঁড় থকা অভয়াৰণ্যখনত শীতৰ আগমনৰ লগে লগে দেশী-বিদেশী বহু পৰিভ্ৰমী চৰায়ে বাহ লোৱা বুলি কর্তৃপক্ষই জানিবলৈ দিছে।

October 5, 2025 7:48 PM

views 35

৭১ সংখ্যক বিশ্ব বন্যপ্রাণী সপ্তাহ উপলক্ষে পবিতৰা অভয়াৰণ্যত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়

৭১ সংখ্যক বিশ্ব বন্যপ্রাণী সপ্তাহ উপলক্ষে আজি পবিতৰা অভয়াৰণ্যত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আৰণ্যক নামৰ স্বেচ্ছাসেৱী সংগঠনটোরে আয়োজন কৰা চিত্রাংকন আৰু কুইজ প্রতিযোগিতাত মায়ঙৰ পাঁচখন বিদ্যালয়ৰ ৭৫ গৰাকী ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে, প্ৰতিবছৰে বন বিভাগে ২ৰ পৰা ৮ অক্টোবৰলৈ বিশ্ব বন্যপ্রাণী সপ্তাহ উপলক্ষে বন্যপ্রাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু এই ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকা সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে।