October 14, 2024 6:57 PM October 14, 2024 6:57 PM

views 13

পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য

মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্য আজি পুৱা পৰ্যটকৰ বাবে মুকলি কৰা হয়। বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু মন্ত্ৰী পীযূষ হাজৰিকাই অভয়াৰণ্যখন আনুষ্ঠানিকভাৱে মুকলি কৰে। দেশী-বিদেশী পৰ্যটকৰ বাবে এইবাৰ ২০ খন জীপ ছাফাৰী আৰু ১৩টা বিভাগীয় হাতী ছাফাৰী সাজু কৰা হৈছে। উল্লেখযোগ্য যে সম্প্রতি ১০৭টা গঁড়, ৫ শতাধিক বনৰীয়া ম'হ, সহস্রাধিক বন গাহৰিৰ উপৰি প্ৰায় ৩৮৫টা প্ৰজাতিৰ দেশী- বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণথলী হিচাপে পৰিগণিত অভয়াৰণ্যখন পৃথিৱীৰ ভিতৰতে আটাইতকৈ কম আয়তনত সৰ্বাধিক গঁড় থকা অভয়াৰণ্য। আজি অভয়াৰণ্...

October 4, 2024 11:01 AM October 4, 2024 11:01 AM

views 17

৯ অক্টোবৰত পবিতৰা অভয়াৰণ্য মুকলি কৰা হ’ব

■ মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত অহা ৯ অক্টোবৰত ২০২৪ আৰু ২০২৫ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ'ব। বন বিভাগৰ সূত্ৰ অনুসৰি যোৱা বৰ্ষত পবিতৰা অভয়াৰণ্যত দেশী-বিদেশী পৰ্যটকৰ পৰা অভয়াৰণ্য কর্তৃপক্ষই প্রায় ৮০ লাখ টকা ৰাজহ সংগ্ৰহ কৰিছিল। এই বৰ্ষত বন বিভাগে আৰু অধিক পৰ্যটক সমাগম হোৱাৰ লগতে অধিক ৰাজহ সংগ্ৰহ হ'ব বুলিও আশা ব্যক্ত কৰিছে।