August 31, 2024 12:36 PM

views 17

পবা সংৰক্ষিত বনাঞ্চলক শীঘ্ৰে বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হ’বঃ চন্দ্ৰমোহন পাটোৱাৰী

পবা সংৰক্ষিত বনাঞ্চলক শীঘ্ৰে বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হ'ব। পৰিৱেশ আৰু বনমন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি বিধানসভাৰ শূন্যকালত বিধায়ক ভুৱন পেগুৱে উত্থাপন কৰা এখন জাননীৰ প্ৰতি সঁহাৰি জনাই এই বিষয়ে ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে সদায় ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ আৰু জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ তথা স্থায়ী বিকাশৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব দি আহিছে। এই দিশত ই এটা অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ'ব বুলি শ্ৰীপাটোৱাৰীয়ে উল্লেখ কৰে। নতুন...