April 22, 2024 11:31 AM

views 31

মালদ্বীপৰ সংসদীয় নিৰ্বাচনত ইতিমধ্যে ঘোষণা হোৱা ৮৬খন আসনৰ ভিতৰত পিএনচিৰ ৬৬খন আসনত জয়লাভ

মালদ্বীপত ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৰ শাসনাধিষ্ঠিত দল পিপলছ নেচনেল কংগ্রেছ (পি এন চি)য়ে কালি হৈ যোৱা সংসদীয় নিৰ্বাচনত ব্যাপক সংখ্যাগৰিষ্ঠতা লাভৰ দিশে আগবাঢ়িছে। মালদ্বীপৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে ইতিমধ্যে ঘোষণা হোৱা ৮৬ খন আসনৰ ভিতৰত মুইজ্জুৰ পি এন চিয়ে ৬৬ খন আসনত জয় লাভ কৰিছে। উল্লেখযোগ্য যে, মালদ্বীপৰ সংসদীয় নিৰ্বাচনৰ বাবে কালি অনুষ্ঠিত ভোটগ্রহণত ৮১ শতাংশ ভোটদান হৈছিল। এই নিৰ্বাচনত ৯৩ টা সমষ্টিৰ পৰা মুঠ ৩৬৮ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল।