May 27, 2025 4:35 PM

views 26

পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিৱসত প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি

আজি প্রাক্তন প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিৱস। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাৰ জৰিয়তে প্রাক্তন প্রধানমন্ত্ৰীগৰাকীক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনায়।

May 24, 2025 4:09 PM

views 36

দশম পৰিচালন পৰিষদৰ বৈঠকত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত নীতি আয়োগৰ দশম পৰিচালন পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিছে। এই বৈঠকত অন্যান্যসকলৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডু, হিমাচল প্রদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং ছুকু, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদব আৰু চত্তিছগড়ৰ মুখ্যমন্ত্রী বিষ্ণু দেও সাই উপস্থিত আছে। কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ উপ ৰাজ্যপালসকল, কেন্দ্ৰীয় মন্ত্ৰীবৰ্গ আৰু নীতি আয়োগৰ উপাধ্যক্ষ, সদস্য তথা মুখ্য কাৰ্যবাহী বিষয়া এই বৈঠকত উপস্থিত আছ...

May 24, 2025 4:07 PM

views 15

কাইলৈ দিনৰ ১১বজাত আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাইলৈ দিনৰ ১১বজাত দেশ-বিদেশৰ লোকৰ সৈতে মত-বিনিময় কৰিব। এয়া হ'ব আকাশবাণীৰ মাহেকীয়া অনুষ্ঠানটোৰ ১২২ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ'ব। এই অনুষ্ঠান AIR News ৱেবছাইট আৰু News on AIR ম'বাইল এপযোগেও শুনিব পৰা যাব। এয়াৰ নিউজ, ডিডি নিউজ, প্রধানমন্ত্রী কার্যালয় আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ইউটিউৱ চেনেলত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ'ব। হিন্দী প্ৰচাৰৰ ঠিক পাছতে আ...

May 23, 2025 3:18 PM

views 31

উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন অতি প্রয়োজনীয়ঃ প্ৰধানমন্ত্ৰী

উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন অতি প্রয়োজনীয়। আজি নতুন দিল্লীত ৰাইজিং নৰ্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে বিনিয়োগকাৰীসকলক উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগৰ বাবে আহ্বান জনাই কয়, যে বৰ্তমান উত্তৰ-পূৰ্বাঞ্চল সুযোগৰ ভূমি হৈ পৰিছে। উত্তৰ-পূৰ্বাঞ্চলক তেওঁ শক্তি আৰু ছেমিকণ্ডাক্টৰৰ মূল ছাবিকাঠি বুলিও উল্লেখ কৰে। উত্তৰ-পূৰ্বাঞ্চলক বৈচিত্র্যময় অঞ্চল হিচাপে আলোকপাত কৰি প্ৰধানমন্ত্রী শ্রী মোদীয়ে কয়, যে এই বিচিত্ৰতাই ভ...

May 22, 2025 3:14 PM

views 30

আজি অমৃত ভাৰত আঁচনিৰ অধীনত ন-ৰূপত সজাই তোলা দেশনোক অমৃত ষ্টেচন মুকলিৰ লগতে বিকানেৰ-মুম্বাই এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভণি

অপাৰেচন সিন্দুৰৰ জৰিয়তে সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি ভাৰতে পাকিস্তানক ইয়াৰ দুষ্কাৰ্যৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। ৰাজস্থানৰ বিকানেৰত আজি আয়োজিত এখন জনসভাত ভাষণ দি তেওঁ এইদৰে কয়। অমৃত ভাৰত আঁচনিৰ অধীনত ন-ৰূপত সজাই তোলা দেশনোক অমৃত ষ্টেচন মুকলি আৰু বিকানেৰ-মুম্বাই এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভণিৰ সৈতে সংগতি ৰাখি এই জনসভাখনৰ আয়োজন কৰা হয়। জনসভাত দিয়া ভাষণত চৰকাৰে সশস্ত্র বাহিনীসমূহক অভিযানৰ বাবে পূৰ্ণ স্বাধীনতা প্ৰদান কৰা বুলি উল্লেখ ...

May 22, 2025 12:07 PM

views 19

প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে দিল্লীত উত্তৰ-পূৰ্বাঞ্চল বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিল্লীত উত্তৰ-পূৰ্বাঞ্চল বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব। দুদিনীয়াকৈ হ'বলগীয়া ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ নামৰ সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ বিনিয়োগ আৰু ব্যৱসায়িক সম্ভাৱনাসমূহ উপস্থাপন কৰা হ'ব। এই সন্মিলনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয়ৰ বিষয়ববীয়া, সাংসদ, উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বহুসংখ্যক বিনিয়োগকাৰী উপস্থিত থাকিব। এই সন্মিলনখন ফিক্কি আৰু ইনভেষ্ট ইণ্ডিয়াৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্রালয়ে আয়োজন কৰিছে।

May 19, 2025 9:12 PM

views 25

Government e Marketplace চমুকৈ GeM য়ে উপান্ত শ্ৰেণীৰ লোকসকলৰ বাবে নতুন দিগন্তৰ সূচনা কৰাৰ লগতে সঞ্চয়ো নিশ্চিত কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্রীয় মন্ত্রী পিয়ুষ গোৱেলে লিখা এটা নিবন্ধ সামাজিক মাধ্যমত সকলোৱে পঢ়িব পৰাকৈ প্ৰচাৰ কৰিছে। তেওঁ কয়, যে Government e Marketplace চমুকৈ GeM, য়ে উপান্ত শ্ৰেণীৰ লোকসকলৰ বাবে নতুন দিগন্তৰ সূচনা কৰাৰ লগতে সঞ্চয়ো নিশ্চিত কৰিছে। উল্লেখযোগ্য যে কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেলে নিৱন্ধটোত কৈছে, যে ৰাজহুৱা বেপাৰ-বাণিজ্যৰ ডিজিটেল মঞ্চ Government e Marketplace চমুকৈ GeM, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত ২০৪৭ অভিযানৰ লক্ষ্যৰ পথত গুৰুত্ব...

April 26, 2025 7:05 PM

views 21

দেওবাৰে দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২১ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী- দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবচাইট আৰু নিউজ অন এয়াৰ ম'বাইল এপতো শুনিবলৈ পোৱা যাব। আকাশবাণী, ডিডি নিউজ, প্রধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ইউ টিউব চেনেলতো এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে এই অনুষ্ঠানৰ ঠিক পাছতেই ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচা...

April 26, 2025 7:03 PM

views 42

যেতিয়া যুৱ প্ৰজন্মই ৰাষ্ট্ৰ নিৰ্মাণত ভাগ লয় তেতিয়া ৰাষ্ট্ৰৰ বিকাশ খৰতকীয়া হয় আৰু সমগ্ৰ বিশ্বতে ই প্ৰভাৱ বিস্তাৰ কৰেঃ মোদী

যেতিয়া যুৱ প্ৰজন্মই ৰাষ্ট্ৰ নিৰ্মাণত ভাগ লয় তেতিয়া ৰাষ্ট্ৰৰ বিকাশ খৰতকীয়া হয় আৰু সমগ্ৰ বিশ্বতে ই প্ৰভাৱ বিস্তাৰ কৰে বুলি প্ৰধানপ্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। তেওঁ কয় যে দেশৰ যুৱ প্ৰজন্মই তেওঁলোকৰ কষ্ট আৰু উদ্ভানৰ জৰিয়তে বিশ্বক ভাৰতৰ সম্ভাৱনাৰ উমান দিছে। ভিডিঅ' কনফাৰেনছিঙৰ জৰিয়তে চৰকাৰৰ বিভিন্ন বিভাগত নতুনকৈ নিযুক্তি পোৱা ৫১ হাজাৰতকৈ অধিক নিযুক্তি বিতৰণ কৰাৰ পাছত নিয়োগ মেলাত প্ৰধানমন্ত্রীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে নিযুক্তি পত্ৰ লাভ কৰা যুৱক-যুৱতীসকলৰ ৰাষ্ট্ৰৰ অৰ্থনী...

April 26, 2025 6:57 PM

views 30

পোপ ফ্ৰান্সিছৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমাধিস্থ কৰিবলগীয়া পোপ ফ্ৰান্সিছৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে সমাজৰ প্ৰতি আগবঢ়াই যোৱা সেৱাৰ বাবে পোপ ফ্রান্সিছক সমগ্ৰ বিশ্বই মনত ৰাখিব। ভাৰতবাসীৰ হৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পোপ ফ্রান্সিছক ভেটিকান চিটিত শ্রদ্ধাঞ্জলি জনাব বুলিও প্রধানমন্ত্রীয়ে প্ৰকাশ কৰে।