May 6, 2025 7:43 AM

views 32

চিবিআইৰ সঞ্চালকক নিযুক্তিৰ বাবে থকা তিনিজনীয়া কমিটীৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত তেওঁৰ কাৰ্যালয়ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, চিবিআইৰ সঞ্চালকক নিযুক্তি দিয়াৰ বাবে থকা তিনিজনীয়া কমিটীখনৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত কমিটীখনৰ আন দুগৰাকী সদস্য দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী উপস্থিত থাকে। বৈঠকত সংস্থাৰ পৰৱৰ্তী সঞ্চালকক নিযুক্তি দিয়াৰ বিষয়ে আলোচনা কৰা হয়। চলিত মাহৰ ২৫ তাৰিখে সংস্থাৰ বৰ্তমানৰ সঞ্চালক প্রবীন ছুডৰ দুবছৰীয়া কাৰ্যকালৰ অন্ত পৰিব উল্লেখযোগ্য যে প্রধানমন্ত্ৰীৰ নেতৃত্বত দ...

April 9, 2025 2:51 PM

views 28

জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট: প্রধানমন্ত্ৰী মোদী

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তন সাম্প্ৰতিক সময়ত সৰ্ববৃহৎ সংকট বুলি অভিহিত কৰিছে আৰু জৈন সম্প্রদায়ে শতিকা শতিকা ধৰি অনুসৰণ কৰি অহা বহনক্ষম জীৱনশৈলীয়ে ইয়াৰ সমাধান বুলি উল্লেখ কৰিছে। নতুন দিল্লীত আজি নৱকাৰ মহামন্ত্ৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে শতিকা শতিকা ধৰি জৈন সম্প্রদায়ে সৰলতা, সংযম আৰু বহন ক্ষমতাৰ আদৰ্শ পালন কৰি আহিছে। ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা গভীৰ হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, যে ভাৰতৰ প্ৰচ...

April 9, 2025 8:24 AM

views 26

সংসদত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাটো সামাজিক ন্যায়ৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপঃ প্রধানমন্ত্ৰী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাটো সামাজিক ন্যায়ৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰিছে। শ্রীমোদীয়ে মুছলমান সম্প্রদায়কে ধৰি সকলো সম্প্ৰদায়ৰ হিত সাধনৰ বাবে এখন উল্লেখনীয় আইন প্ৰৱৰ্তনৰ বাবে সংসদক অভিনন্দন জনায়। এটা ব্যক্তিগত সংবাদ মাধ্যমে আয়োজন কৰা এটা অনুষ্ঠানত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে কয়, যে এতিয়াৰে পৰা মুছলমান সম্প্ৰদায়ৰ দুখীয়া লোকসকলৰ উপৰি মুছলমান মহিলা বিশেষকৈ স্বামীহাৰা আৰু বিবাহ বিচ্ছেদিত মহিলাসকলৰ আৰ্থ-সামাজিক স্থিতিৰ উন্নয়নৰ ...

April 5, 2025 8:06 PM

views 14

প্ৰাণৱন্ত গ্রাম কাৰ্যসূচী দ্বিতীয় আৰু ৪টা কেইবাশৰীয়া ৰে’লপথৰ প্ৰকল্পত অনুমোদন জনোৱাৰ কেবিনেটৰ সিদ্ধান্তক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাণৱন্ত গ্রাম কাৰ্যসূচী দ্বিতীয় আৰু চাৰিটা কেইবাশৰীয়া ৰে'লপথৰ প্ৰকল্পত অনুমোদন জনোৱাৰ কেবিনেটৰ সিদ্ধান্তক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই ৰে'ললাইনৰ প্ৰকল্পৰ জৰিয়তে দেশৰ যোগাযোগ আন্তঃগাঁথনিৰ উন্নত হোৱাৰ লগতে যোগান শৃংখল শক্তিশালী হোৱাৰ উপৰি ৰচদ-পাতি সৰবৰাহৰ ব্যয় হ্ৰাস হ'ব আৰু সূচলতা বৃদ্ধি হ'ব। শ্রীমোদীয়ে কয যে সীমান্ত গাওঁসমূহৰ বাসিন্দাসকলৰ জীৱনশৈলী ত্বৰান্বিত হোৱাটো সুনিশ্চিত কৰাৰ বাবে প্রাণৱন্ত...

April 5, 2025 8:04 PM

views 20

প্ৰাক্তন উপ প্রধানমন্ত্রী বাবু জগজীৱন ৰামৰ জয়ন্তী উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শ্রদ্ধা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰাক্তন উপ প্রধানমন্ত্রী বাবু জগজীৱন ৰামক তেওঁৰ জয়ন্তী উপলক্ষে শ্রদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে সমাজৰ বঞ্চিত তথা প্রান্তীয় লোকসকলৰ অধিকাৰৰ হকে জগজীৱন ৰামে কৰা জীৱনজোৰা সংগ্ৰামৰ জৰিয়তে জনসাধাৰণ চিৰকাললৈ উৎসাহিত হৈ থাকিব।

April 4, 2025 8:25 PM

views 18

বিমষ্টেক শীৰ্ষ সন্মিলনত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ চমু বৈঠকত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত বিমষ্টেক শীৰ্ষ সন্মিলনৰ আহৰিত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ সৈতে এখন চমু বৈঠকত মিলিত হয়। প্রধানমন্ত্রী মোদীয়ে এই বৈঠকত চুবুৰীয়া দেশখনত এখন গণতান্ত্রিক সুস্থ, শান্তিপূর্ণ, প্ৰগতিশীল আৰু সকলো জাতি-জনগোষ্ঠীৰ সম-অধিকাৰ বৰ্তি থকাৰ বাবে ভাৰতে সদায়েই সহযোগিতা আগবঢ়াব বুলি বাংলাদেশী নেতাগৰাকীক আশ্বাস দিয়ে। শ্রীমোদীয়ে দুয়ো দেশৰ মাজৰ সীমান্তত প্ৰচলিত আইনৰ সঠিক ৰূপায়ণ আৰু সীমান্তইদি অবৈধ অনুপ্রবেশ বন্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ ক...

April 4, 2025 4:59 PM

views 29

দেশৰ প্ৰতিগৰাকী নাগৰিকৰ মৰ্যাদাক অগ্ৰাধিকাৰ প্ৰদান কৰি এখন শক্তিশালী ভাৰতবৰ্ষ গঢ়াৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনত ৱাকফ সংশোধনী বিধেয়ক আৰু মুছলমান ৱাকফ বাতিলকৰণ বিধেয়ক গৃহীত হোৱাটো আর্থ সামাজিক ন্যায় স্বচ্ছতা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত চৰকাৰে চলাই অহা অবিৰত প্ৰচেষ্টাৰ দিশৰ পৰা ঐতিহাসিক বুলি মত প্ৰকাশ কৰিছে। সামাজিৰ মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে, এই বিধেয়ক গৃহীত হোৱাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি নিজৰ নিজৰ মতামত প্ৰকাশ কৰা আৰু বিধেয়ক দুখনক শক্তিশালী স্থিতিত উপনীত কৰোৱা সাংসদসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। একেদৰে সংসদীয় সমিতিলৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগ...

April 3, 2025 6:17 PM

views 18

ষষ্ঠ BIMSTEC শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে বেংককত উপস্থিত প্রধানমন্ত্ৰী মোদী

ষষ্ঠ BIMSTEC শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি থাইলেণ্ডৰ বেংককত উপস্থিত হৈছে। বেংকক বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক দেশখনৰ উপ-প্রধানমন্ত্ৰী ছুৰিয়া জুংকংৰেংগ্‌কিটে আদৰণি জনায়। ২০১৬ আৰু ২০১৯ বৰ্ষৰ পাছত এয়া হ'ল প্ৰধানমন্ত্রী মোদীৰ তৃতীয়টো থাইলেণ্ড ভ্রমণ। বেংককত উপস্থিত হোৱাৰ পাছত সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে আসন্ন আনুষ্ঠানিক আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে আৰু থাইলেণ্ডৰ সৈতে ভাৰতৰ সহযোগিতামূলক সম্পর্ক সুদৃঢ় কৰি তোলাৰ...

April 2, 2025 8:22 PM

views 40

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰাষ্ট্ৰৰ বৌদ্ধিক নৱজাগৰণ বুলি অভিহিত প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ক ৰাষ্ট্ৰৰ বৌদ্ধিক নৱজাগৰণ বুলি অভিহিত কৰিছে। তেওঁ কৈছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে শিক্ষা আৰু উদ্ভাৱনৰ মাধ্যমেৰে আত্মনিৰ্ভৰ আৰু প্ৰতিযোগিতামুখী ৰাষ্ট্ৰৰ পথ প্ৰশস্ত কৰিছে। কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানে এখন বাতৰি কাকতত লিখা এটা নিবন্ধ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে আজি এইদৰে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে নিবন্ধটোত যোৱা এটা দশকত দেশৰ শিক্ষাৰ খণ্ডলৈ অহা আমূল পৰিৱৰ্তনৰ বিষয়ে আলোকপাত কৰা হৈছে।

March 30, 2025 4:39 PM

views 45

মন কী বাত অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী মোদীৰ মনৰ ভাৱ ব্যক্ত

■ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি কেইদিনমানৰ পাছতেই ভাৰতৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ'বলগীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। দেশ-বিদেশৰ শ্ৰোতাৰ আগত মনৰ ভাৱ ব্যক্ত কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ বিভিন্ন ৰাজ্যত বিশেষকৈ কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত উগাড়ী উৎসৱ পালন কৰা হৈছে। আজি মহাৰাষ্ট্ৰত পালন কৰা গুড়ী পৰোৱা উৎসৱৰ কথা উল্লেখ কৰি তেওঁ কয়, যে বৈচিত্ৰতাৰে ভৰা আমাৰ দেশত কেইদিনমানৰ পাছতে অসমত ৰঙালী বিহু, পশ্চিমবংগত পহিলা বৈশাখ আৰু কাশ্মীৰত নৱৰেহ উৎসৱ পালন ...