September 13, 2025 11:40 AM

views 33

দুদিনীয়া ভ্ৰমণসূচীৰে মিজোৰাম, মণিপুৰ আৰু অসমলৈ প্রধানমন্ত্ৰী মোদী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে আজি মিজোৰাম, মণিপুৰ আৰু অসমলৈ আহিব। প্রধানমন্ত্ৰীয়ে আজি দিনৰ ১০ বজাত আইজলৰ লামউৱালত আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্মিত ৱৈৰৱী-চাইৰাং ৰে'লপথেৰে তিনিখন নতুন ৰেলগাড়ীৰ যাত্ৰাৰ ভার্চুৱেলি শুভাৰম্ভ কৰিব। এই নতুন ৰেলগাড়ীকেইখন হৈছে চাইৰাং আৰু দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং আৰু গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং আৰু ক'লকাতাৰ মাজত ত্রিসাপ্তাহিক এক্সপ্ৰেছ। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মণিপুৰলৈ যাব আৰু চূড়াচান্দপুৰ, ইম্ফলত দুখন জনসভাত ...

September 9, 2025 2:38 PM

views 24

হিমাচল প্ৰদেশ আৰু পাঞ্জাব ভ্ৰমণ কৰি দুয়োখন ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশ আৰু পাঞ্জাব ভ্ৰমণ কৰি দুয়োখন ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ লৈছে। এই ভ্ৰমণসূচীৰ আৰম্ভণিতে পাঠানকোটত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক ৰাজ্যখনৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অমন অৰোৰা আৰু জ্যেষ্ঠ বিষয়াবৰ্গই বিমান বন্দৰত আদৰণি জনায়। প্ৰথম পৰ্যায়ত তেওঁ হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ ধৰ্মশালাত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ এখন উচ্চ পৰ্যায়ৰ বৈ...

September 4, 2025 3:32 PM

views 13

ভাৰতৰ ডাক ব্যৱস্থা দুৱাৰডলিত বেংকিং সেৱা আগবঢ়াব পৰা বিশ্বৰ সৰ্ববৃহৎ নেটৱৰ্কঃ প্রধানমন্ত্ৰী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ডাক ব্যৱস্থাক দুৱাৰডলিত বেংকিং সেৱা আগবঢ়াব পৰা বিশ্বৰ সৰ্ববৃহৎ নেটৱৰ্ক বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ এটা বাৰ্তা সন্দৰ্ভত মত পোষণ কৰি তেওঁ কয় যে চৰকাৰৰ অভূতপূৰ্ব প্ৰয়াসৰ ফলস্বৰূপে দেশৰ সাধাৰণ ডাকোৱালগৰাকী বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত বাৰ্তাবাহক হিচাপে পৰিগণিত হৈছে। শ্রীসিন্ধিয়াই তেওঁৰ লিখনিত ভাৰতৰ ডাক বিভাগৰ কাৰ্যালয় আৰু দেশৰ ডাক বিভাগৰ লেনদেনৰ সৈতে জড়িত বেংকৰ জৰিয়তে বিশ্বৰ সবাতোকৈ পুৰণি ডাক ব্যৱস্থাটো সম্প্ৰতি দুৱা...

September 4, 2025 3:43 PM

views 28

প্রধানমন্ত্ৰী মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈছে

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং আজি নতুন দিল্লীত প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈছে। শ্ৰীৱং প্রধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণ মৰ্মে তিনিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিছে। বৈঠকত দুয়োগৰাকী নেতাই ভাৰত আৰু ছিংগাপুৰৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু পাৰস্পৰিক স্বার্থজড়িত বিষয়সমূহত আলোচনা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে শ্ৰীৱঙক নতুন দিল্লীত সাক্ষাৎ কৰে। ড০ জয়শংকৰে ভাৰত-ছিংগাপুৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্...

September 1, 2025 2:52 PM

views 32

টিয়ানজিন ঘোষণা পত্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট আৰু ঐক্যবদ্ধ হোৱাৰ বাৰ্তা দিছে

■ চীনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ অংশ হিচাপে অনুষ্ঠিত ৰাষ্ট্ৰৰ মুৰব্বীসকলৰ সন্মিলনৰ পাছত আজি প্ৰকাশ পোৱা টিয়ানজিন ঘোষণা পত্ৰই সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট আৰু ঐক্যবদ্ধ হোৱাৰ বাৰ্তা দিছে। ইয়াৰ লগতে আঞ্চলিক সহযোগিতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত ভূমিকাকো স্বীকৃতি দিয়া হৈছে। শেহতীয়াকৈ পেহেলগামত যোৱা ২২ এপ্ৰিলত সংঘটিত সন্ত্রাসবাদী আক্ৰমণত সদস্য ৰাষ্ট্ৰসমূহে তীব্ৰ গৰিহণা দিয়াৰ লগতে নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই ঘোষণাত লগতে এনেধৰণৰ আক্ৰমণৰ ঘটনাৰ অভিযুক্ত, সন্ত...

September 1, 2025 2:48 PM

views 30

সন্ত্রাসবাদ সন্দৰ্ভত দ্বৈত মান কোনো কাৰণতে গ্রহণযোগ্য নহয়ঃ প্রধানমন্ত্রী

● সন্ত্রাসবাদ সন্দৰ্ভত দ্বৈত মান কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। চীনৰ টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত দিয়া বিবৃতিত প্রধানমন্ত্ৰীয়ে সন্ত্রাসবাদক মানৱতাৰ বিৰুদ্ধে বৃহৎ ভাবুকি বুলি উল্লেখ কৰাৰ লগতে যিকোনো প্ৰকাৰৰ সন্ত্ৰাসবাদ গৰিহণাযোগ্য বুলি মন্তব্য কৰে। তেওঁ কয়, যে ভাৰতে বিগত চাৰিটা দশক ধৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দি আহিছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতৰ প্ৰতি সমৰ্থন আগবঢ়োৱা ৰাষ্ট্ৰসমূহৰ প্ৰতি শ্ৰী মোদীয়ে কৃতজ্...

August 29, 2025 2:20 PM

views 23

জাপানক প্ৰযুক্তিৰ আৰু ভাৰত প্ৰতিভাৰ পাৱাৰহাউছঃ প্রধানমন্ত্ৰী মোদী

■■■ জাপানৰ প্ৰযুক্তি আৰু ভাৰতীয় প্ৰতিভাৰ সন্মিলিত প্রচেষ্টাই এই শতিকাৰ প্ৰযুক্তি বিপ্লৱক নেতৃত্ব দিব পাৰে। টকিঅ'ত অনুষ্ঠিত ভাৰত-জাপান অর্থনৈতিক মঞ্চ সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এইদৰে কয়। প্রধানমন্ত্ৰী শ্ৰীমোদীয়ে জাপানক প্ৰযুক্তিৰ আৰু ভাৰতক প্ৰতিভাৰ পাৱাৰহাউছ বুলি অভিহিত কৰে। ভাৰতে কৃত্রিম বুদ্ধিমত্তা, অর্ধপৰিবাহী, কোৱান্টাম কম্পিউটিং, জৈৱ প্ৰযুক্তি আৰু মহাকাশ খণ্ডত শক্তিশালী আৰু অভিলাষী পদক্ষেপ লৈছে। তেওঁ লগতে কয় যে ভাৰতে প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডৰ পাছতে পৰমাণু শক্তি খণ্ড...

August 28, 2025 8:55 PM

views 19

মহাত্মা আয়নকলিৰ জন্মবার্ষিকী উপলক্ষে আজি নেতাগৰাকীলৈ প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা আয়নকলিৰ জন্মবার্ষিকী উপলক্ষে আজি নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্রধানমন্ত্রী শ্রীমোদীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মহাত্মা আয়নকলিক সামাজিক ন্যায় আৰু সৱলীকৰণৰ এক প্ৰতিমূৰ্তি বুলি অভিহিত কৰে। উল্লেখযোগ্য যে সমাজ সংস্কাৰক, শিক্ষাবিদ মহাত্মা আয়নকলিয়ে কেৰালাত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ পুলায়া সম্প্ৰদায়ৰ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে যুঁজ দিছিল। তেওঁ সমাজত জাত-পাতৰ বাধা নিষেধ আঁতৰোৱাৰ বাবে প্ৰচেষ্টা চলোৱাৰ লগতে দলিত সম্প্ৰদায়ৰ শিশুৰ শিক্ষাৰ উদ্দে...

August 24, 2025 12:52 PM

views 30

১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে’ল ষ্টেচন উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে'ল ষ্টেচন উদ্বোধন কৰিব । মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুঅ'মাই শুকুৰবাবে এই কথা প্ৰকাশ কৰে। ৫১ দশমিক ৩-৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈৰবী-ছাইৰাং সংযোগী ব্ৰজগজ ৰে'ল পথ অভিযান্ত্ৰিক সাফল্যৰ উজ্জ্বল নিদৰ্শনৰূপে পৰিগণিত হৈছে। এই পথছোৱাত ৪৮ টা সুৰংগ আৰু ৫৫ খন দলং আছে। এই ৰে'ল পথছোৱাত ১০৪ মিটাৰ উচ্চতাত দেশৰ সবাটোকৈ ওখ ৰে'ল সেতুও আছে। ২০০৮-০৯ চনত আৰমম্ভ কৰা এই প্ৰকল্পৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু ৰে'ল সুৰক্ষা আয়ুক্তই ইতিমধ্যে পথছোৱাৰে পৰী...

August 19, 2025 2:12 PM

views 29

উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণণক বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান

■ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণণক বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দলসমূহকে ধৰি সকলো ৰাজনৈতিক দললৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি পুৱা অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ বৈঠকত শ্ৰী মোদীয়ে উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি আৰ ৰাধাকৃষ্ণনক এন ডি এৰ সাংসদসকলৰ সৈতে চিনাকি কৰি দিয়ে। তেওঁ কয়, যে শ্ৰী ৰাধাকৃষ্ণনে সংসৰ সদস্য আৰু ৰাজ্যপাল হিচাপে ৰাজহুৱা জীৱনত সফলভাৱে ৰাইজৰ সেৱা কৰি আহিছে। বৈঠকৰ পাছত সংবাদ মাধ্যমক সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰ...