September 28, 2024 8:10 PM

views 13

হাৰিয়ানাৰ হিছাৰত বিজেপিৰ জন আশীর্বাদ শোভাযাত্ৰাক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ হিছাৰত বিজেপিৰ জন আশীর্বাদ শোভাযাত্ৰাক সম্বোধন কৰে। তেওঁ কয় যে, কংগ্ৰেছ দল ক্ষমতাত থকা কোনো এখন ৰাজ্যতে স্থিৰতা দেখিবলৈ পোৱা নাযায়, কিয়নো দলটোৱে নিৰ্বাচনৰ সময়ত প্ৰদান কৰা মিছা প্ৰতিশ্ৰুতিবোৰ কেতিয়াও পূৰণ নকৰে। তেওঁ লগতে কংগ্ৰেছ দলটোৱে সংৰক্ষণ ব্যৱস্থাৰ অন্ত পেলাব বিচৰা বুলিও অভিযোগ উত্থাপন কৰে। বিজেপিয়ে কৃষকসকলৰ সমস্যাসমূহ সমাধানৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে হাৰিয়ানাত বিজেপি চৰকাৰে ২৪ ব...

September 28, 2024 6:07 PM

views 19

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা ক্ষণত চৰকাৰে সমাজ কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা ক্ষণত চৰকাৰে সমাজ কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। দেশক বিকাশৰ পথত অগ্ৰসৰ কৰিবৰ বাবে অন্ত্যোদয়ৰ নীতিৰ দ্বাৰা পৰিচালিত হৈ চৰকাৰে দৰিদ্ৰ, প্ৰান্তীয় আৰু পিছপৰি থকাসকলক সহায় কৰিবলৈ প্রতিশ্রুতিবদ্ধ বুলি প্রধানমন্ত্রী শ্রী মোদীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে দেশৰ জনতাক দৰিদ্ৰতাৰ বিৰুদ্ধে যুজত সক্রিয় অংশগ্ৰহণকাৰী হ'বলৈ শক্তিশালী কৰাত চৰকাৰে মনোনিৱেশ কৰিছে। তাৰ বাবে ১২ টা মূল সামাজিক খণ্ডৰ সূচকত ব...

September 23, 2024 3:06 PM

views 11

একবিংশ শতিকা প্ৰযুক্তিৰ শতিকা আৰু প্ৰতিটো খণ্ড মানৱ কল্যাণৰ বাবে পৰিচালিত হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে একবিংশ শতিকা প্ৰযুক্তিৰ শতিকা আৰু প্ৰতিটো খণ্ড মানৱ কল্যাণৰ বাবে পৰিচালিত হৈছে। প্ৰধানমন্ত্ৰীয়ে আজি পুৱা নিউয়র্কত আমেৰিকাৰৰ আগশাৰীৰ প্ৰযুক্তি কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে। তেওঁ লগতে কয় যে প্ৰযুক্তি আৰু গণতন্ত্ৰৰ মাজত ভাৰসাম্যতা সময়ৰ প্ৰয়োজনীয়তা আৰু গণতান্ত্রিক মূল্যবোধ আৰু প্ৰযুক্তিৰ একত্ৰীকৰণ মানৱ কল্যাণৰ বাবে এটা প্রতিশ্রুতি। প্রধানমন্ত্ৰীয়ে কয় যে ভাৰত প্ৰতিভা, গণতন্ত্ৰ আৰু বজাৰৰ এখন দেশ। এয়া এক দুৰ্...

September 23, 2024 12:08 PM

views 26

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰণৰ সৈতে সংগতি ৰাখি মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ সিদ্ধান্ত গ্ৰহণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ উপলক্ষে চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰসংগত কয় যে, আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাৰ লগে লগে দেশত নিয়োগৰ সুযোগ বৃদ্ধিৰ জৰিয়তে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণ বৃদ্ধি হোৱা দেখা গৈছে। মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ ক্ষেত্ৰত চৰকাৰে বহিঃৰাষ্ট্ৰৰ প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী ক...

September 16, 2024 7:54 PM

views 11

সাম্প্রতিক যুগক ভাৰতৰ বাবে সোণালী সময়ৰূপে অভিহিত প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাম্প্রতিক যুগক ভাৰতৰ বাবে সোণালী সময়ৰূপে অভিহিত কৰিছে। প্রধানমন্ত্ৰীগৰাকীয়ে কৈছে যে, গোলকীয় প্ৰেক্ষাপটত ভাৰতৰ ভাৱমূৰ্তি সলনি হৈছে আৰু বৰ্তমান সময়ত বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই নিজৰ সমস্যাসমূহৰ সমাধান বিচাৰি ভাৰতৰ কাষ চাপে। শ্রীমোদীয়ে কৈছে যে, বর্তমান দেশে নিজৰ অমৃত কাল প্ৰত্যক্ষ কৰিছে আৰু তেওঁ দেশক অহা ২৫ বছৰৰ ভিতৰত বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ। তেওঁ বিকশিত ভাৰতৰ লক্ষ্য বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত গুজৰাটে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও মন্তব্য...

September 16, 2024 6:04 PM

views 17

সেউজ বিকাশ আৰু শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেউজ বিকাশ আৰু শূন্য কার্বন নির্গমনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছে। শ্ৰী মোদীয়ে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত চতুৰ্থ গোলকীয় নৱীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু প্ৰদৰ্শনী উদ্বোধন কৰি দিয়া ভাষণত এইদৰে কয়। প্রধানমন্ত্ৰীয়ে কয় যে ১৪০ কোটি ভাৰতীয়ই দেশক বিশ্বৰ ভিতৰতে শীৰ্ষৰ তিনিখন অৰ্থনীতিৰ ভিতৰৰ অন্যতম হিচাপে গঢ়ি তোলাৰ বাবে সংকল্পবদ্ধ হৈ কাম কৰি আছে। প্রধানমন্ত্ৰীয়ে পি এম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনিৰো শুভাৰম্...

September 14, 2024 2:44 PM

views 12

কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশালৈ যাব। প্ৰথমতে প্রধানমন্ত্ৰীগৰাকী কাইলৈ ঝাৰখণ্ডত উপস্থিত হ'ব। তাত টাটানগৰ জংচন ৰে'ল ষ্টেচনত তেওঁ ৬ খন বন্দে ভাৰত ৰে'লগাড়ীৰ পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে ৰাজ্যখনত ৬৬০ কোটিৰো অধিক টকাৰ ব্যয়সাপেক্ষ কেইবাটাও ৰে'লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। টাটানগৰত তেওঁ প্ৰধানমন্ত্রী আবাস যোজনা গ্রামীনৰ ২০ হাজাৰ হিতাধিকাৰীক আবাসগৃহৰ অনুমোদন পত্ৰ বিতৰণ কৰিব। সোমবাৰে প্ৰধানমন্ত্ৰী গুজৰাটলৈ যাব আৰু...

September 14, 2024 2:43 PM

views 34

প্রধানমন্ত্ৰী মোদীয়ে বিয়লি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি কুৰুক্ষেত্ৰত হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰচাৰৰ শুভাৰম্ভ কৰিব। শ্রীমোদীয়ে আজি বিয়লি কুৰুক্ষেত্ৰৰ থেম পাৰ্কত এখন নির্বাচনী সভাত ভাষণ দিব। এইখন হৈছে হাৰিয়ানাত প্রধানমন্ত্ৰীৰ প্ৰথমখন নির্বাচনী সভা। মুঠ ৯০খন আসন বিশিষ্ট হাৰিয়ানা বিধানসভাৰ নিৰ্বাচন ৫ অক্টোবৰত অনুষ্ঠিত হ'ব আৰু ৮ অক্টোবৰত ভোটগণনা কৰা হ'ব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি ২০১৪ চনত প্ৰথমবাৰৰ বাবে হাৰিয়ানাৰ ক্ষমতালৈ অহা বিজেপিয়ে তৃতীয়টো কাৰ্য্যকালৰ বাবে এইবাৰ ক্ষমতা ...

September 13, 2024 9:16 PM

views 25

২৯ ছেপ্তেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ছেপ্তেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৪ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে ২৭ ছেপ্তেম্বৰ পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব ।...

September 13, 2024 5:51 PM

views 11

বিমান পৰিবহণ খণ্ডত দিল্লী ঘোষণা পত্ৰ গ্ৰহণৰ কথা ঘোষণা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমান পৰিবহণ খণ্ডত দিল্লী ঘোষণা পত্ৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত দ্বিতীয় অসামৰিক বিমান পৰিবহন বিষয়ক এছিয়া প্রশান্ত মন্ত্ৰী পৰ্যায়ৰ সন্মিলনত সর্বসম্মতিক্রমে এই ঘোষণাপত্র গ্ৰহণ কৰা হয়। এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলসমূহৰ অসামৰিক বিমান পৰিবহণ ক্ষেত্ৰসমূহত আঞ্চলিক সহযোগিতাৰ লগতে ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰা আৰু এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিমান পৰিবহণ খণ্ডৰ স্থায়ী বিকাশৰ উদ্দেশ্যে এই ঘোষণাপত্ৰৰ ৰূপৰেখা প্ৰস্তুত কৰা হ...