November 14, 2024 2:46 PM

views 11

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসত অংশগ্রহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসত অংশগ্রহণ কৰিব। এই দিৱসৰ জৰিয়তেই ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বার্ষিকী উদযাপনৰ শুভাৰম্ভ কৰা হ'ব। কাইলৈ পুৱা শ্ৰী মোডীয়ে ভগৱান বীৰছা মুণ্ডাৰ সন্মানত এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট উন্মোচন কৰিব। ইয়াৰ উপৰিও তেওঁ অঞ্চলটোৰ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলৰ জনজাতীয় লোকসকলৰ উন্নয়ন আৰু আন্তঃগাঁথনি উন্নীতকৰণৰ লক্ষ্যৰে ৬,৬৪০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

November 14, 2024 2:32 PM

views 14

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ডমিনিকাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা

ডমিনিকাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ দেশখনৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা আগবঢ়াইছে। কোৱিড-19 মহামাৰীৰ সময়ত ডমিনিকালৈ আগবঢ়োৱা অৱদান তথা ভাৰত আৰু ডমিনিকাৰ মাজৰ অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাৰ স্বীকৃতি স্বৰূপে এই বঁটা আগবঢ়োৱা হৈছে। গায়ানাৰ জৰ্জ টাউনত ১৯ৰ পৰা ২১ নৱেম্বৰলৈ হ'বলগীয়া ভাৰত-কেৰিকম সন্মিলনত কমনৱেল্থ অব্ ডমিনিকাৰ ৰাষ্ট্ৰপতি ছিলভানী বার্টনে শ্রী মোদীক এই বঁটা প্রদান কৰিব। ডমিনিকাৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি ২০২১ চনৰ ফেব...

November 14, 2024 2:29 PM

views 16

ছত্ৰপতি ছন্তাজি নগৰ আৰু পানৱেলত নিৰ্বাচনী সমদলত প্রধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণ

জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লৈছে। শ্রী মোদীয়ে প্রথমে ছত্ৰপতি ছন্তাজি নগৰ আৰু পানৱেলত নিৰ্বাচনী সমদলত অংশগ্ৰহণ কৰে। তেওঁ লগতে মুম্বাইৰ ছত্রপতি শিৱাজী উদ্যানত এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত মহাযুটি মিত্ৰজোঁটৰ সকলো নেতাই অংশগ্রহণ কৰিব বুলি আশা কৰা হৈছে। ইফালে, কেন্দ্ৰীয় মন্ত্রী নীতিন গাডকাৰীয়ে আজি ধাৰাশিৱ, ছোলাপুৰ আৰু ছাংলিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। ইপিনে, বিৰোধী তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি...

November 14, 2024 9:09 AM

views 34

কাইলৈ প্রধানমন্ত্ৰী মোদীৰ বিহাৰৰ জামুই ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিহাৰৰ জামুই ভ্ৰমণ কৰি জনজাতীয় গৌৰৱ দিৱসত অংশগ্রহণ কৰিব। এই দিৱসৰ জৰিয়তেই ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বার্ষিকী উদযাপনৰ শুভাৰম্ভ কৰা হ'ব। কাইলৈ পুৱা শ্ৰী মোডীয়ে ভগৱান বীৰছা মুণ্ডাৰ সন্মানত এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট উন্মোচন কৰিব। ইয়াৰ উপৰিও তেওঁ অঞ্চলটোৰ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলৰ জনজাতীয় লোকসকলৰ উন্নয়ন আৰু আন্তঃগাঁথনি উন্নীতকৰণৰ লক্ষ্যৰে ৬,৬৪০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

November 12, 2024 2:19 PM

views 28

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু বিভিন্ন দলৰ জ্যেষ্ঠ নেতাসকলে আজি ৰাজ্যখনৰ ভিন ভিন জিলাত নিৰ্বাচনী সভা সম্বোধন কৰাৰ কথা আছে। শ্ৰী মোদীয়ে আজি চন্দ্ৰপুৰৰ চিমুৰ, ছোলাপুৰ আৰু পুনেত দলৰ হৈ প্ৰচাৰ চলাব। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে মুম্বাইত দুখন নির্বাচনী সভাত ভাগ ল'ব। ইপিনে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি বুলধানা জিলাৰ চিখালি আৰু গন্দিয়াত মহা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ ...

November 12, 2024 8:18 AM

views 16

মৰিছাচৰ নিৰ্বাচনত অৰ্জন কৰা ঐতিহাসিক বিজয়ৰ বাবে ড০ নবীন ৰামগুলামক প্রধানমন্ত্ৰী মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিছাচৰ নিৰ্বাচনত অৰ্জন কৰা ঐতিহাসিক বিজয়ৰ বাবে ড০ নবীন ৰামগুলামক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে ড০ ৰামগুলামৰ সৈতে বাৰ্তালাপ কৰি দেশখনৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত তেওঁৰ সফলতা কামনা কৰিছে বুলি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ড০ ৰামগুলামক ভাৰত ভ্ৰমণৰ বাবেও আমন্ত্ৰণ জনায়। দেশখনৰ সৈতে থকা বিশেষ আৰু অনন্য সহযোগিতাক শক্তিশালী কৰাৰ বাবে ঘনিষ্ঠভাৱে কাম কৰিবলৈ বাট চাই থকাৰ বিষয়েও শ্রী মোদীয়ে প্রকাশ কৰে৷

November 4, 2024 8:06 PM

views 20

হেমন্ত চোৰেণ নেতৃত্বাধীন চৰকাৰখনে ৫ বছৰ কাৰ্যকালত ঝাৰখণ্ডৰ লোকসকলক প্ৰৱঞ্চনা কৰাৰ অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হেমন্ত চোৰেণ নেতৃত্বাধীন চৰকাৰখনে ৫ বছৰ কাৰ্যকালত ঝাৰখণ্ডৰ লোকসকলক প্ৰৱঞ্চনা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। গড়ৱাৰ চেতনা মৈদানত আজি এখন নির্বাচনী সমাবেশক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, জে এম এম, কংগ্ৰেছ আৰু আৰ জে দিয়ে ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপিয়ে ঝাৰখণ্ডৰ সুৰক্ষা, স্থায়ীত্ব আৰু সমৃদ্ধিৰ গেৰেণ্টি লৈ নির্বাচনী যুঁজত প্ৰৱেশ কৰিছে। চাইবাছাত বিজয় সংকল্প সভাক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, কেন্...

November 1, 2024 5:19 PM

views 23

ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশ, ছত্তিশগড়, হাৰিয়ানা, কৰ্ণাটক, কেৰালা, মধ্য প্রদেশ, পাঞ্জাব, তামিলনাড়ু, লাক্ষাদ্বীপ আৰু পুডুচেৰীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে দেশৰ উন্নয়নৰ যাত্ৰাপথত এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ জনসাধাৰণে আগবঢ়োৱা বৰঙণিৰ বিষয়ে উল্লেখ কৰে। একেদৰে উপ- ৰাষ্ট্...

October 26, 2024 9:16 PM

views 21

সোমবাৰে প্রধানমন্ত্ৰী মোদীৰ গুজৰাট ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ গুজৰাট ভ্ৰমণ কৰিব। তেওঁ এই ভ্রমণকালত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰ'ছানছেছৰ সৈতে টাটা এডভান্সড চিষ্টেম লিমিটেড কেম্পাছত চি - ২৯৫ বিমান নিৰ্মাণৰ বাবে টাটা এয়াৰ ক্রাফ্‌ট কমপ্লেক্স উদ্বোধন কৰিব। ইয়াৰ লগতে প্রধানমন্ত্রী মোদীয়ে ভাৰত মাতা সৰোবৰ উদ্বোধন কৰাৰ লগতে আমৰেলীত প্ৰায় ৪ হাজাৰ ৯০০ কোটি টকা ব্যয়সাপেক্ষ এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। উল্লেখযোগ্য যে এই প্রকল্পসমূহে আমৰেলী, জামনগৰ, মৰ্...

October 22, 2024 4:03 PM

views 23

গৃহমন্ত্ৰী অমিত শ্বাহৰ জন্মদিন উপলক্ষে প্রধানমন্ত্ৰী মোদী আৰু বিদেশ মন্ত্রী জয়শংকৰৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিদেশ মন্ত্রী এছ জয়শংকৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জন্মদিন উপলক্ষে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত কৈছে যে, কঠোৰ পৰিশ্ৰমী নেতাৰূপে পৰিচিত শ্ৰী শ্বাহে দলৰ ভেটি শক্তাশালী কৰাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছে। তেওঁ লগতে কয় যে, নেতাগৰাকীয়ে অসাধাৰণ প্ৰশাসক হিচাপে পৰিচয় গঢ়ি তুলিছে আৰু বিকশিত ভাৰতৰ পৰিকল্পনা বাস্তবায়িত কৰাৰ বাবে ভালেমান প্রচেষ্টা গ্রহণ কৰিছে। বিদেশ মন্ত্রী এছ জয় শংকৰে সা...