February 10, 2025 7:03 PM

views 23

পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত অসমৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত শিক্ষাৰ্থীসকলে পৰীক্ষাৰ সময়ত মানসিক চাপ আৰু উদ্বেগৰ পৰা কেনেদৰে হাত সাৰিব পাৰে সেই বিষয়ত আলোকপাত কৰে। পৰিপুষ্টি আৰু সুস্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে শিক্ষাৰ্থীসকলে পঢ়াৰ লগতে প্ৰয়োজন সাপেক্ষে জিৰণি লোৱাটো প্ৰয়োজন। তেওঁ লগতে শিক্ষার্থীসকলক চাপমুক্ত হৈ থকাৰ বাবেও বিভিন্ন পৰামৰ্শ আগবঢ়ায়। পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত আজি দেশৰ বিভিন্ন স্থানৰ লগতে অসমৰো কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অং...

February 10, 2025 5:49 PM

views 18

কাইলৈ পেৰিছত ২০২৫ বৰ্ষৰ ‘কৃত্রিম বুদ্ধিমত্তা সন্মিলন’ত প্রধানমন্ত্ৰী মোদীয়ে সহ অধ্যক্ষতা কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কৌশলগত, অর্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে ফ্ৰান্স আৰু আমেৰিকালৈ ৰাওনা হ'ব। চাৰিদিনীয়া ভ্ৰমণ সূচীৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে ফ্ৰান্সৰ পেৰিছত কাইলৈ হ'বলগীয়া ২০২৫ বৰ্ষৰ কৃত্রিম বুদ্ধিমত্তা সন্মিলনত সহ অধ্যক্ষতা কৰিব। তেওঁ লগতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রোৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বিষয় সন্দৰ্ভত আন এখন গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মাৰ্চেইলত ভাৰতৰ নতুন বাণিজ্যিক দূতাবাস মুকলি কৰিব।...

February 10, 2025 5:26 PM

views 18

সুস্বাস্থ্যৰ বাবে আহাৰত প্ৰচুৰ শাক-পাচলি আৰু মিলেটৰ প্ৰয়োজনত গুৰুত্ব আৰোপ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুস্বাস্থ্যৰ বাবে আহাৰত প্ৰচুৰ শাক-পাচলি আৰু মিলেটৰ প্ৰয়োজন সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত আজি পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত দেশৰ লগতে অসমৰো বহুকেইখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ সৈতে মত-বিনিময় কৰি এই বিষয়ে প্ৰকাশ কৰিছে। আজি এটা ভিডিঅ’ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ মানসিক চাপ আৰু উৎকণ্ঠা দূৰ কৰাৰ উপায় সন্দৰ্ভত পৰামৰ্শ দিয়ে। সুস্বাস্থ্য তথা সুষম আহাৰ প্ৰয়োজন সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় য...

February 10, 2025 11:06 AM

views 42

পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰিব। এই অনুষ্ঠানৰ জৰিয়তে প্রধানমন্ত্ৰীগৰাকীয়ে পৰীক্ষাৰ পূৰ্বে শিক্ষার্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে প্ৰস্তুতি আৰু মানসিক চাপ দূৰ কৰাৰ উপায় সন্দৰ্ভত বাৰ্তালাপ কৰিব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ'বলগীয়া পৰীক্ষা পে চৰ্চাৰ এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ইউ টিউব চেনেল তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্য...

February 7, 2025 8:48 PM

views 18

ভাৰত মণ্ডপমত অহা ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ’ব

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ১০ ফেব্ৰুৱাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন বৃত্তিৰ বিশিষ্ট ব্যক্তিসকলে নিজৰ অভিজ্ঞতা শিক্ষাৰ্থীসকলৰ সৈতে বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম, স্বয়ম প্রভা, প্রধানমন্ত্ৰী কাৰ্যালয়ৰ ইউ টিউব চেনেল আৰু তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্যমযোগে পোনপটীয়াকৈ প্ৰচাৰিত হ'ব।

February 7, 2025 5:56 PM

views 12

সংসদ ভৱনত এন ডি এৰ বিহাৰৰ সাংসদসকলৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ

এন ডি এৰ বিহাৰৰ সাংসদসকলে আজি সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। বিজেপি, জে ডি ইউ (আৰ) এল জে পি (আৰ) ৰ সাংসদকলে প্রধানমন্ত্ৰী মোদীক আদৰণি জনায়। কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং, ৰাজীৱ ৰঞ্জন সিং আৰু চিৰাগ পাচোৱান এই সাক্ষাৎকালত সাসংসদসকলৰ সৈতে উপস্থিত থাকে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভালেমান ঘোষণা কৰাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক সাংসদসকলে সাক্ষাৎ কৰে।

January 28, 2025 9:04 PM

views 15

মহাৰাণা প্রতাপ ষ্টেডিয়ামত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ

উত্তৰাখণ্ডৰ ডেৰাডুনৰ মহাৰাণা প্রতাপ ষ্টেডিয়ামত আজি ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময়ৰ পাছতে এই ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, ভাৰতীয় অলিম্পিক সন্থাৰ বিষয়ববীয়া তথা ৰাষ্ট্ৰীয় খেলুৱৈ উপস্থিত আছে। উত্তৰাখণ্ডৰ ৮ খন জিলাৰ ১১ খন নগৰত অহা ১৪ ফেব্ৰুৱাৰীলৈকে ৰাষ্ট্ৰীয় ক্রীড়াৰ খেলসমূহ খেলোৱা হ'ব। প্ৰতিযোগিতাত ৩৫ বিধ খেলৰ মুঠ ৪৭টা ইভেণ্ট থাকিব। আজিৰ উদ্বোধনী অনুষ্ঠানত অসমৰ দুজন...

January 28, 2025 5:25 PM

views 27

ভূৱনেশ্বৰত উৎকর্ষ ওড়িশা, মেক ইন ওড়িশা সন্মিলন উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূৱনেশ্বৰত উৎকর্ষ ওড়িশা, মেক ইন ওড়িশা সন্মিলন উদ্বোধন কৰে। ওড়িশা চৰকাৰৰ উদ্যোগত উৎকর্ষ ওড়িশা শীর্ষক এই গোলকীয় বিনিয়োগ সন্মিলনখনৰ আয়োজন কৰা হৈছে। এই সন্মিলনৰ জৰিয়তে ৰাজ্যখনলৈ বিনিয়োগকাৰীক আকৰ্ষণৰ চেষ্টা চলোৱা হৈছে। ওড়িশাই এই দুদিনীয়া সন্মিলনৰ মাধ্যমেৰে ৫ লাখ কোটি টকালৈ বিনিয়োগ বৃদ্ধি কৰাৰ লগতে ৰাজ্যখনত তিনি লাখ ৫০ হাজাৰলৈ কৰ্ম সংস্থাপন বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সন্মিলনখনত দেশৰ ভিন্ন ৰাজ্যৰ বিনিয়োগকাৰী আৰু উদ্যোগপতিৰ লগতে ১২ খন দেশৰ প্ৰতিনিধিসহ ...

January 27, 2025 4:21 PM

views 35

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলক প্রধানমন্ত্ৰী মোদীৰ ধন্যবাদ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৱে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই শ্রী মোদীয়ে ৭৫ সংখ্যক গণৰাজ্য দিৱসত মেক্ৰ'ৰ উপস্থিতিৰ কথা মনত পেলাই তেওঁ, বিগত বৰ্ষৰ এই অনুষ্ঠানত ফৰাচী ৰাষ্ট্ৰপতিগৰাকীৰ অংশগ্রহণে দুয়োখন দেশৰ মাজৰ কৌশলপূৰ্ণ সহযোগিতাক বিশেষ মাত্ৰা প্ৰদান কৰে বুলি মত প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে একেলগে কাম কৰি থকা বুলি...

January 27, 2025 12:23 PM

views 15

দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ বাৰ্ষিক ৰেলীত প্রধানমন্ত্ৰী মোদীৰ ভাষণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ বাৰ্ষিক ৰেলীত ভাষণ দিব। এইবাৰৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ ৰেলীৰ মূল বিষয়বস্তু হৈছে- যুৱ শক্তি, বিকশিত ভাৰত। এই ৰেলীৰ সাংস্কৃতিক অনুষ্ঠানত ৮০০ গৰাকী শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিব। এই ৰে'লীত ১৮ খন বিদেশী বন্ধু ৰাষ্ট্ৰৰ ১৪৪ গৰাকী শিক্ষাৰ্থীয়ে অংশ ল'ব। ইয়াৰোপৰি সমগ্ৰ দেশৰ মোৰ যুৱ ভাৰত, শিক্ষা মন্ত...