January 24, 2026 8:48 PM

views 57

কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১৩০ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেৱছাইট airnews আৰু newsonair মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউৱ চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভ...

January 23, 2026 1:24 PM

views 28

১৪ ফেব্ৰুৱাৰীত প্ৰধানমনন্ত্ৰীৰ পুনৰ অসম ভ্ৰমণৰ সম্ভাৱনা

ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ নৱনিৰ্মিত দলংখন প্রধানমনন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ফেব্ৰুৱাৰীত উদ্বোধন কৰাৰ সম্ভাৱনা আছে। এই উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমলৈ আমন্ত্ৰণ জনোৱাৰ বিষয়ে কালি সামাজিক মাধ্যমত প্ৰকাশ কৰে। এই একেটা ভ্ৰমণতে প্রধানমন্ত্ৰী গৰাকীয়ে ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্টৰ শুভাৰম্ভণি আৰু ১০০ খন ইলেকট্রনিক বাছ মুকলি কৰাৰ লগতে মৰাণত এডভান্স লেণ্ডি ফেছিলিটি অর্থাৎ ভাৰতীয় বায়ু সেনাৰ বিমান ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰ...

January 22, 2026 10:47 AM

views 13

অটল পেঞ্চন যোজনা ২০৩০-৩১ চনলৈকে অব্যাহত থাকিব বুলি কেবিনেটৰ সিদ্ধান্ত

নতুন দিল্লীত কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি অটল পেঞ্চন যোজনা ২০৩০-৩১চনলৈকে অব্যাহত থাকিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই আঁচনিখনে গ্ৰাহকৰ অৱদানৰ ওপৰত নিৰ্ভৰ কৰি ৬০ বছৰ বয়স হোৱাৰ পিছত প্ৰতিমাহে এক হাজাৰৰ পৰা পাঁচ হাজাৰ টকালৈকে নিশ্চিত নূন্যতম পেঞ্চন প্ৰদান কৰে। কেবিনেটে লগতে ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংকলৈও পাঁচ হাজাৰ কোটি টকাৰ ইকুইটি চাপৰ্টৰ অনুমোদন জনাইছে। এই পদক্ষেপে প্রায় ২৫ লাখ ৭৪ হাজাৰ নতুন এম এছ এম ই হিতাধিকাৰীক ...

January 19, 2026 7:47 PM

views 16

ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনী এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনী এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত শ্রী মোদীয়ে দেশে দুৰ্যোগৰ সময়ত নিষ্ঠা আৰু অবিচলভাৱে নিজৰ বৃত্তিত নিমগ্ন হৈ থকা লোকসকলৰ শলাগ লয় বুলি উল্লেখ কৰি এন ডি আৰ এফৰ বিষয়াসকলে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ জীৱনৰ সুৰক্ষা আৰু সাহায্য প্ৰদানৰ দৰে সেৱা আগবঢ়াই আশাৰ সঞ্চাৰ কৰে গৃহমন্ত্রী অমিত শ্বাহেও এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ শ...

January 19, 2026 2:32 PM

views 11

এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনী এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয় যে দেশে দুৰ্যোগৰ সময়ত নিষ্ঠা আৰু অবিচলভাৱে নিজৰ বৃত্তিত নিমগ্ন হৈ থকা লোকসকলৰ সলাগ লয়। শ্রী মোদীয়ে কয় যে দুৰ্যোগৰ সময়ত এন ডি আৰ এফৰ বিষয়াসকলে অতি প্ৰত্যাহ্বানজনক পৰিস্থিতিতো জীৱনৰ সুৰক্ষা আৰু সাহায্য প্ৰদানৰ দৰে সেৱা আগবঢ়াই আশাৰ সঞ্চাৰ কৰে। এয়া আটাইতকৈ প্ৰশংসনীয় সেৱা বুলি উল্লেখ কৰি তেওঁ কয় যে এন ডি আৰ ...

January 19, 2026 2:19 PM

views 11

ওড়িশাৰ স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ জন্ম বার্ষিকীত প্রধানমন্ত্ৰী মোদীৰ শ্রদ্ধা নিবেদন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ জন্ম বার্ষিকীৰ উপলক্ষ্যে তেওঁৰ প্ৰতি শ্রদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে কয় যে ঔপনিৱেশিক শাসনৰ অন্ত পেলাবলৈ পাৰ্বতী গিৰীয়ে স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল। শ্রী মোদীয়ে কয় যে স্বাস্থ্য সেৱা, নাৰী সৱলীকৰণ আৰু সংস্কৃতিৰ দৰে খণ্ডত তেওঁৰ বৰঙণি প্ৰশংসনীয়। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত যোৱা মাহত প্রধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতা সংগ্ৰামী পাৰ্বতী গিৰীৰ প্ৰসংগ উত্থাপন কৰি কৈছিল...

January 17, 2026 12:55 PM

views 42

দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। প্রধানমন্ত্ৰীগৰাকীয়ে সন্ধিয়া ৬ বজাত সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত প্ৰায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব। অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অংশস্বৰূপ বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অর্থে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কালি সমাপ্ত হোৱা বাগৰুম্বা নৃত্যৰ চূড়ান্ত আখৰাত ৰাজ্যৰ ২৩ খন...

January 13, 2026 8:57 PM

views 18

প্রখ্যাত অভিনেতা তথা গায়ক প্রশান্ত তামাঙৰ মৃত্যুত প্রধানমন্ত্ৰীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্রখ্যাত অভিনেতা তথা গায়ক প্রশান্ত তামাঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । তামাঙৰ পত্নী শ্ৰীমতী মার্থা আলে তামাঙক উদ্দেশ্যি এখন শোক পত্ৰত প্রধানমন্ত্রীয়ে কয় যে প্রশান্ত তামাঙে মনোৰঞ্জনৰ জগতখনত নিজৰ বাবে এক সুকীয়া স্থান খোদিত কৰিছিল। তামাঙক দৃঢ়তা আৰু অপৰিসীম প্রতিভাৰ প্ৰতীক বুলি অভিহিত কৰি মোদীয়ে উল্লেখ কৰে যে তেওঁৰ জীৱন আৰু কৃতিত্বই তেওঁৰ যাত্ৰাত নিজৰ আশা প্ৰতিফলিত হোৱা অগণন ব্যক্তিক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে প্রশান্ত তামাঙৰ জীৱন কাহিনীয়ে ...

January 6, 2026 6:35 AM

views 25

দেশৰ উদ্ভাৱনী শক্তিৰে সমৃদ্ধ নতুন প্ৰজন্মৰ ওপৰত বিনিয়োগ কৰিবলৈ ইচ্ছুক: প্ৰধানমন্ত্ৰী

● প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বই ভাৰতলৈ আশা আৰু ইতিবাচক দৃষ্টিভংগীৰে বাট চোৱা আৰু দেশৰ উদ্ভাৱনী শক্তিৰে সমৃদ্ধ নতুন প্ৰজন্মৰ ওপৰত বিনিয়োগ কৰিবলৈ ইচ্ছুক বুলি মন্তব্য কৰিছে। লগতে বিগত এহেজাৰ বছৰ ধৰি সোমনাথ মন্দিৰৰ অৱস্থিতিয়ে দেশৰ সভ্যতা-সংস্কৃতি অতুলনীয় হোৱাৰ কথাটোকে প্রতীয়মান কৰে বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ১০২৬ খ্ৰীষ্টাব্দত গজনি মাহমুদে গুজৰাটৰ সোমনাথ মন্দিৰত চলোৱা নৃংশংস আক্ৰমনৰ এহেজাৰ বছৰ পূৰ্ণ হোৱা উপলক্ষে লিখা এটা প্ৰৱন্ধত এই কথা প্ৰকাশ কৰি তেওঁ কয় যে বিস্তৰ প...

January 3, 2026 6:23 PM

views 13

১৭ জানুৱাৰীত গুৱাহাটীত প্ৰায় ১০হাজাৰ শিল্পীয়ে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত বাগৰুম্বা প্ৰদৰ্শন কৰিব

বিহু আৰু ঝুমুৰৰ পাছত অহা ১৭ জানুৱাৰীত গুৱাহাটীত প্ৰায় ১০হাজাৰ শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত বাগৰুম্বা প্ৰদৰ্শন কৰিব। অসমৰ অন্যতম প্রধান জনগোষ্ঠী বড়োসকলৰ লোকনৃত্য বাগৰুম্বাক বিশ্বৰ প্ৰেক্ষাপটলৈ নিয়াৰ লক্ষ্যৰে অসম চৰকাৰে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত এই অভিলাষী আয়োজন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰি বাগৰুম্বাৰ অনুশীলনৰ বুজ লয়। নির্বাচন আয়োগে পশ্চিমবংগৰ চূড়ান্ত ভোটাৰ তালিকাত তিনিটা আদিম জনজ...