September 23, 2025 8:36 PM

views 29

প্রধানমন্ত্ৰী জন-আৰোগ্য যোজনা আয়ুষ্মান ভাৰতৰ সাত বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী জন-আৰোগ্য যোজনা আয়ুষ্মান ভাৰতে আজি সাত বছৰ সম্পূৰ্ণ কৰিছে। ২০১৮ চনত ঝাৰখণ্ডৰ ৰাঁচীত মুকলি কৰা এই যোজনাখন বিশ্বৰ সৰ্ববৃহৎ চৰকাৰী সাহায্যপ্রাপ্ত স্বাস্থ্য সুৰক্ষা আঁচনি হিচাপে পৰিগণিত হৈছে। প্ৰাথমিক আৰু কম জটিল ৰোগৰ চিকিৎসাৰ বাবে চিকিৎ‍সালয়ত ভৰ্তি হোৱাৰ ক্ষেত্ৰত প্ৰতিটো পৰিয়ালক ৫ লাখকৈ টকাৰ স্বাস্থ্য সেৱা আগবঢ়োৱাই এই আঁচনিৰ মূল লক্ষ্য। আঁচনিখনে দেশৰ ১২ কোটিতকৈও অধিক পৰিয়ালৰ প্ৰায় ৫৫ কোটি হিতাধিকাৰীক সামৰি লৈছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে প...