September 13, 2024 12:32 PM September 13, 2024 12:32 PM
14
প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ৭০ বছৰ উৰ্ধৰ নাগৰিকক সুকীয়া কাৰ্ড প্ৰদান
আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত সামৰি ল'বলগীয়া সকলো যোগ্য জ্যেষ্ঠ নাগৰিকক নতুন আৰু সুকীয়া কাৰ্ড প্ৰদান কৰা হ'ব। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে আধাৰ কাৰ্ড অনুসৰি ৭০ বছৰ বা তাতকৈ উৰ্ধৰ ব্যক্তিসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। এই আঁচনি এসপ্তাহৰ ভিতৰত আৰম্ভ হোৱাৰ সম্ভাবনা আছে। এই আঁচনিখন এপ্লিকেচন আধাৰিত আৰু জনসাধাৰণে প'ৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে নাম পঞ্জীয়ন কৰিব লাগিব। প'ৰ্টেলত মুখমণ্ডলৰ জৰিয়তে পৰিচয়ৰ সত্যাসত্য নিৰূপণৰ ব্যৱস্থা আৰু ৭০ বছৰ বা ইয়াৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকৰ ...