September 13, 2024 12:32 PM

views 27

প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ৭০ বছৰ উৰ্ধৰ নাগৰিকক সুকীয়া কাৰ্ড প্ৰদান

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত সামৰি ল'বলগীয়া সকলো যোগ্য জ্যেষ্ঠ নাগৰিকক নতুন আৰু সুকীয়া কাৰ্ড প্ৰদান কৰা হ'ব। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে আধাৰ কাৰ্ড অনুসৰি ৭০ বছৰ বা তাতকৈ উৰ্ধৰ ব্যক্তিসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। এই আঁচনি এসপ্তাহৰ ভিতৰত আৰম্ভ হোৱাৰ সম্ভাবনা আছে। এই আঁচনিখন এপ্লিকেচন আধাৰিত আৰু জনসাধাৰণে প'ৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে নাম পঞ্জীয়ন কৰিব লাগিব। প'ৰ্টেলত মুখমণ্ডলৰ জৰিয়তে পৰিচয়ৰ সত্যাসত্য নিৰূপণৰ ব্যৱস্থা আৰু ৭০ বছৰ বা ইয়াৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকৰ ...

July 13, 2024 1:10 PM

views 21

প্ৰধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত অসমৰ বাবে ৩৭৮ কোটি ৬৮ লাখ টকা আৱণ্টন

● কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত ৰাজ্যৰ বাবে ৩৭৮ কোটি ৬৮ লাখ টকা আৱণ্টন দিছে। এই পুঁজিৰে ৫৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৭৮টা পথ আৰু ১৪ খন পকী দলং নিৰ্মাণ কৰা হ'ব। গ্রামোন্নয়ন মন্ত্রালয়ে কৈছে যে, এই প্রকল্পসমূহে স্বাস্থ্য, শিক্ষা আৰু বাণিজ্যৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ সুবিধা উন্নত কৰাৰ লগতে গ্রামাঞ্চলত সংযোগ বৃদ্ধি কৰিব।