August 19, 2025 12:26 PM

views 137

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনি ৰূপায়ণৰ বাবে অসমলৈ ৫,৪৭০ কোটি ৫১ লাখ টকা আৱণ্টন অনুমোদন

■ কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনি ৰূপায়ণৰ বাবে অসমলৈ ৫ হাজাৰ ৪৭০ কোটি ৫১ লাখ টকা আৱণ্টন অনুমোদন জনাইছে। চৰকাৰে যোৱা জুনত দেশৰ ১৮ খন ৰাজ্যলৈ প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনিৰ অধীনত মুঠ ৪৭ হাজাৰ ৪৭৪ কোটি ৫৮ লাখ টকাৰ আৱণ্টন দিছে। এই আঁচনিখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে পুঁজি আৱণ্টন দিয়া ১৮ খন ৰাজ্যৰ তালিকাত উত্তৰ-পূৰ্বাঞ্চলৰ অসম আৰু মণিপুৰৰ নামো আছে। মণিপুৰে এই আঁচনিৰ অধীনত ৪৬ কোটি ১৮ লাখ টকাৰ আৱণ্টন লাভ কৰিছে। উল্লেখযোগ্য যে প্রধানমন্ত্রী আবাস যোজনা...

March 19, 2025 6:56 PM

views 22

এপ্ৰিলৰ পৰা ছেপ্তেম্বৰৰ ভিতৰত আৰু ৩ লাখ হিতাধিকাৰীলৈ আবাস গৃহ প্ৰদান কৰা হ’বঃ মুখ্যমন্ত্রী

ৰাজ্যত প্ৰধানমন্ত্রী আবাস যোজনাৰ অধীনত ঘৰ বিতৰণৰ ক্ষেত্ৰত পূৰ্বতে উত্থাপিত দুৰ্নীতিৰ অভিযোগ নোহোৱা কৰি বৰ্তমান চৰকাৰে নোপোৱা মানুহখিনিৰো ঘৰৰ তালিকা সুন্দৰ ব্যৱস্থাৰে প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৮৮ হাজাৰ ৩৫৮ গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ কেন্দ্ৰীয়ভাৱে প্ৰদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে এনে ব্যৱস্থাৰ অংশ হিচাপে ঘৰ নোপোৱা লোকৰ জৰীপ চলোৱ...

March 19, 2025 6:12 PM

views 33

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩,৮৮,৩৫৮ হিতাধিকাৰীক গৃহ অনুমোদন পত্র প্ৰদান মুখ্যমন্ত্ৰীৰ

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৮৮ হাজাৰ ৩৫৮ গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্র কেন্দ্রীয়ভাৱে প্ৰদান কৰে। অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিধায়ক হেমাংগ ঠাকুৰীয়া, সুমন হৰিপ্ৰিয়া, অসম চৰকাৰৰ মুখ্য সচিব ড° জে বি এক্কা, কামৰূপ জিলা আয়ুক্ত দেৱেন্দ্ৰ কুমাৰ মিশ্ৰৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিধানসভা সমষ্টি অনুসৰি গৃহ অনুমোদন পত্...

March 19, 2025 12:24 PM

views 25

মুখ্যমন্ত্ৰীয়ে ৩,৮৮,৩৫৮ গৰাকী হিতাধিকাৰীলৈ গৃহ অনুমোদন পত্ৰ প্ৰদানৰ কাৰ্যসূচী মুকলি কৰিব

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত ৩ লাখ ৮৮ হাজাৰ ৩৫৮ গৰাকী হিতাধিকাৰীলৈ গৃহ অনুমোদন পত্ৰ প্ৰদানৰ কাৰ্যসূচী মুকলি কৰিব। কামৰূপ জিলাৰ পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গৃহ অনুমোদন পত্ৰ প্ৰদানৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকিব। বিধানসভা সমষ্টি অনুসৰি গৃহ অনুমোদন পত্ৰ প্ৰদানৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু বিধায়কসকলে বিভিন্ন স্থানত এই কাৰ...