September 17, 2024 7:56 PM

views 19

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি  অসমৰ ১,০৩,৫৭৫ টা প্ৰধানমন্ত্রী আবাস যোজনাৰ নৱনিৰ্মিত গৃহত প্ৰৱেশ কাৰ্যসূচী অনুষ্ঠিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি অসমৰ ১ লাখ ৩ হাজাৰ ৫৭৫ টা প্ৰধানমন্ত্রী আবাস যোজনাৰ নৱনিৰ্মিত গৃহত প্ৰৱেশ কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ অংশ হিচাপে মন্ত্রী বিমল বৰাই আজি টিংখাং সমষ্টিৰ ৰাজগড় গাঁও পঞ্চায়তত নৱনিৰ্মিত গৃহপ্ৰৱেশ অনুষ্ঠানত উপস্থিত থাকে। একেদৰে মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰ উন্নয়ন খণ্ড আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ হিতাধিকাৰীসকলক বাসগৃহ নিৰ্মাণৰ বাবে অনুমোদন পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ দ্বাৰা দুয়োটা উন্নয়ন খণ্ডত ৪৮২ টা পৰিয়াল উপকৃত হ'ব। ইফ...

September 17, 2024 12:09 PM

views 22

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ত অসমলৈ অতিৰিক্ত ১ লাখ ৭১ হাজাৰ ৫৯৩টা গৃহ আৱণ্টন

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ত অসমলৈ অতিৰিক্ত ১ লাখ ৭১ হাজাৰ ৫৯৩টা গৃহ আৱণ্টন দিয়া হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত এই আঁচনিৰ জৰিয়তে ৰাজ্যত উন্নয়ন আৰু সমৃদ্ধিৰ দিশত আগুৱাই নিয়াৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনাইছে। ইপিনে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি এই আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ ধন মুকলাই দিয়াৰ বাবে ওড়িশাৰ ভূৱনেশ্বৰত কেন্দ্ৰীয় অনু...

September 8, 2024 11:49 AM

views 23

অসমৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পুনৰ ১,৭১,৫৯৩টা গৃহ নির্মাণত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পুনৰ ১,৭১,৫৯৩টা গৃহ নির্মাণত অনুমোদন জনাইছে। ৰাজ্যবাসীৰ বাবে এয়া নিশ্চিতভাৱে সুখবৰ বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্রী বণজিত কুমাৰ দাসে মত প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে, আটাইবোৰ জিলাৰ জনসাধাৰণ ইয়াৰ দ্বাৰা উপকৃত হোৱাৰ উপৰি অনুসূচিত জাতিৰ বসতিপ্রধান জিলা হিচাপে ধেমাজি, পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাই অধিক সংখ্যক গৃহ লাভ কৰিব। দৰিদ্ৰ জনসাধাৰণৰ বাবে লোৱা এই পদক্ষেপৰ বাবে মন্ত্ৰীগৰাকীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ...

August 18, 2024 11:59 AM

views 27

ৰাজ্যত প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত এতিয়ালৈকে ১৯ লাখ পকীঘৰ নিৰ্মাণ

ৰাজ্যত প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত এতিয়ালৈকে ১৯ লাখ পকীঘৰ নিৰ্মাণ কৰা হৈছে। এই যোজনাৰ অধীনত অসমে এতিয়ালৈকে ২০ লাখৰো অধিক পকীঘৰৰ অনুমোদন লাভ কৰিছে। পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জনকল্যাণক অগ্রাধিকাৰ দি এনে আঁচনিৰ জৰিয়তে ক্ষিপ্ৰ উন্নয়ন সম্ভৱ কৰি তোলাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে।

June 11, 2024 11:37 AM

views 18

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত তিনি কোটি অতিৰিক্ত গৃহ নিৰ্মাণৰ সিদ্ধান্ত

তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পাছত কালি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন নতুন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত গ্ৰাম্য আৰু নগৰ অঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত তিনি কোটি অতিৰিক্ত গৃহ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ২০১৫-১৬ বৰ্ষৰ পৰা এই যোজনাৰ অধীনত ৪ কোটি ২১ লাখ গৃহ দৰিদ্ৰ জনসাধাৰণৰ বাবে নিৰ্মাণ কৰা হৈছে বুলি বৈঠকত উল্লেখ কৰাৰ লগতে এই গৃহসমূহত শৌচাগাৰ, প্ৰসাৱগাৰৰ সুবিধা, ৰন্ধন গেছৰ সংযোগ, বিদ্যুৎ সংযোগ, নলযোগে পানী যোগানকে ধৰি প্ৰাথমিক সা-সুবিধা প্ৰদানৰ ...