November 29, 2024 10:08 AM

views 14

যুৱ চামৰ উত্তৰণৰ বাবে সকলো ধৰণৰ সুযোগ দিয়াৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দেশৰ যুৱ চামৰ উত্তৰণৰ বাবে চৰকাৰে সকলো ধৰণৰ সুযোগ দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ প্ৰকাশ কৰে। মাই গভ ইণ্ডিয়াই সামাজিক মাধ্যমত লিখা এটা পোষ্টৰ সঁহাৰিত প্রধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ যুৱ শক্তিয়ে আশ্চৰ্যজনক কাম কৰিব পাৰে বুলি আস্থা প্ৰকাশ কৰে।