July 22, 2024 5:22 PM July 22, 2024 5:22 PM

views 8

ইউনেস্কোৰ বিশ্ব ঐতিহ্য কেন্দ্ৰলৈ প্রধানমন্ত্ৰীৰ ১০ লাখ ডলাৰৰ অনুদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক অধিৱেশন মুকলি কৰে। ভাৰতত প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিশ্ব ঐতিহ্য সমিতিৰ এই অধিৱেশনখনৰ অহা ৩১ জুলাইত সামৰণি পৰিব। অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, ভাৰত গোলকীয় সহযোগিতা প্ৰচাৰ কৰা তথা ঐতিহ্য সংৰক্ষণৰ প্ৰচেষ্টাত স্থানীয় সম্প্রদায়সমূহক জড়িত কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ। ভাৰতৰ ঐতিহ্য কেৱল এটা ইতিহাসেই নহয়, বৰঞ্চ বিজ্ঞানো বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, বিগত বছৰসমূহত চৰকাৰে...