September 12, 2025 12:45 PM

views 12

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ পূৱ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচী চূড়ান্ত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ বাবে বিভিন্ন ঠাইত প্রস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্রী মোদীৰ অসম ভ্রমণ সন্দৰ্ভত কালি দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰী, বিধায়ক আৰু ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ উপৰি শ্ৰী মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠান নিখুঁতভাৱে আয়োজনৰ বাবে যাৱতীয় নির্দেশনা দিয়ে। নুমলীগড়তো প্রধান...

September 10, 2025 8:20 PM

views 15

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ছেপ্তেম্বৰত নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ আগমণৰ পূৰ্বে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ তথা সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্য্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত বি জে পিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, বিত্ত মন্ত্রী অজন্তা নেওগ, মন্ত্রী অতুল বৰাকে ধৰি স্থানীয় বিধায়কসকল উপস্থিত থাকে। ড০ ...