January 16, 2026 8:32 PM

views 17

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে পশ্চিম বংগ আৰু অসম ভ্ৰমণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে পশ্চিম বংগ আৰু অসমলৈ আহিব। ভ্ৰমণৰ প্ৰথম দিনা প্রধানমন্ত্রীয়ে কাইলৈ মালডা ৰে'ল ষ্টেচনৰ পৰা ভার্চুবেল ব্যৱস্থাৰে কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্রথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'লগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰিব। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহন চাহিদা অনুযায়ী সম্পূর্ণরূপে শীত-তাপ নিয়ন্ত্রিত এই ৰে'লগাড়ীখনে বহনসাধ্য দৰত যাত্ৰীসকলক বিমান যাত্ৰাৰ দৰে সুবিধা আৰু অভিজ্ঞতা প্ৰদান কৰিব। এই ৰে'লগাড়ীখনে দূৰণিবটীয়া যাত্রা অধিক ক্ষিপ্র, নিৰাপদ আৰু সুবিধাজ...

January 10, 2026 7:12 PM

views 15

দুদিনীয়া ভ্রমণসূচীৰে অহা ১৭ জানুৱাৰীত প্রধানমন্ত্রীৰ অসম ভ্ৰমণ

 প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অহা ১৭ জানুৱাৰীত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। ১৭ জানুৱাৰীৰ বিয়লি প্রধানমন্ত্রীয়ে গুৱাহাটীত প্রায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। প্রধানমন্ত্রীয়ে সেই দিনাই গুৱাহাটীত কামাখ্যা আৰু কলকাতাৰ মাজত চলিবলগীয়া বন্দে ভাৰত শ্লিপাৰ ৰে'লগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। ৰে'লখন কালি কামাখ্যা ৰে'লৱে ষ্টেচন পাইছেহি। এই ৰে'লগাড়ী খন হৈছে দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰে'ল। ১৬টা দবাবিশিষ্ট ৰে'লগাড়ীখনত ৮৩৩ গৰাকী যাত্রীয়ে যাত্রা কৰিব পাৰিব। প্রধানমন্ত্র...

December 19, 2025 7:27 PM

views 18

কাইলৈ প্রধানমন্ত্রীৰ গুৱাহাটী আগমনকলৈ যান বাহন আৰক্ষীৰ কেতবোৰ নীতি-নিৰ্দেশনা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাইলৈ গুৱাহাটী আগমনৰ সময়ত যান-জট নিয়ন্ত্ৰণৰ বাবে গুৱাহাটীৰ যান বাহন আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্তই এখন সংবাদমেল সম্বোধন কৰি সাধাৰণ লোকক কেইবাটাও পথ এৰি চলিবলৈ আহ্বান জনাইছে। উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে বিশেষ পথ নির্দেশনা নাথাকিলেও, পানবজাৰ- ফাঁচীবজাৰ পথ, ৰিভাৰ ফ্ৰণ্টৰ পথ আৰু লখৰা, বৰাগাঁও অঞ্চলৰ পথসমূহ এৰাই চলিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ছোৱাত গুৱাহাটী মহানগৰীত গধূৰ বাহনৰ চলাচলত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰা হৈছে। একে সময়তে যানবাহন আৰক্ষী বিষয়া গৰাকীয়ে বিমান যা...

December 17, 2025 12:10 PM

views 11

২১ ডিচেম্বৰত অসমৰ নিৰ্বাচিত শিক্ষাৰ্থীৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অহা ২০ ডিচেম্বৰত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ নতুন টার্মিনেল মুকলি কৰাৰ লগতে গোপীনাথ বৰদলৈৰ প্ৰতিমূর্তি উন্মোচন কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সন্ধিয়া বৰঝাৰ বিমান বন্দৰ ভ্ৰমণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এইকথা সদৰি কৰে। মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰা মতে অহা ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লি ২ বাজি ৪৫ মিনিটত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব। ইয়াৰ পাছত তেওঁ বিমানবন্দৰৰ নতুন টার্মিনেল মু...

December 16, 2025 7:36 PM

views 25

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বাবে শাসকীয় দল বিজেপি আৰু চৰকাৰৰ তৎপৰতা অব্যাহত

অহা ২০ আৰু ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বাবে শাসকীয় দল বিজেপি আৰু চৰকাৰে তৎপৰতা অব্যাহত ৰাখিছে। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে গুৱাহাটী মহানগৰী সুন্দৰকৈ সজাই তোলা হৈছে। ২০ ডিচেম্বৰত শ্রীমোদীয়ে বৰঝাৰ বিমান বন্দৰত এটা নতুন টার্মিনেল মুকলি কৰাৰ লগতে গোপীনাথ বৰদলৈৰ প্রতিমূর্তি উন্মোচন কৰি এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীৰ অসম ভ্রমণ কাৰ্যসূচী আৰু জনসভা সফল কৰাৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি উত্তৰ গুৱাহাটী মণ্ডলত বিজেপিৰ এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। এই সভাত ম...

December 15, 2025 11:29 AM

views 15

ত্রিদেশীয় ভ্রমণসূচীৰে জৰ্ডান, ইথিওপিয়া আৰু ওমানলৈ যাত্ৰা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ত্রিদেশীয় ভ্রমণসূচীৰে আজি জৰ্ডান, ইথিওপিয়া আৰু ওমানলৈ যাব। ভ্ৰমণৰ প্রথম পৰ্যায়ত শ্রীমোদীয়ে জর্ডানৰ ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ আমন্ত্রণমৰ্মে দেশখন ভ্ৰমণ কৰিব। প্রধানমন্ত্ৰীয়ে জর্ডানৰ ৰজাৰ সৈতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে অন্যান্য আঞ্চলিক বিষয়ত মত বিনিময় কৰিব। উল্লেখযোগ্য যে দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পর্কই এইবাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। ভাৰত আৰু জৰ্ডানৰ মাজত শক্তিশালী অর্থনৈতিক সম্পর্ক আছে আৰু ভাৰত হৈছে জৰ্ডানৰ তৃতীয় বৃ...

November 28, 2025 12:11 PM

views 22

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰ্ণাটক আৰু গোৱা ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কৰ্ণাটক আৰু গোৱালৈ যাব। ভ্রমণকালত শ্রীমোদীয়ে কৰ্ণাটকৰ উদুপিৰ শ্ৰীকৃষ্ণ মঠ পৰিদৰ্শন কৰিব আৰু লক্ষ কণ্ঠ গীতা পাৰায়ন কাৰ্যসূচীত ভাগ ল'ব। তেওঁ লগতে কৃষ্ণ গৰ্ভ গৃহৰ সন্মুখত থকা সুবৰ্ণ তীৰ্থ মণ্ডপ মুকলি কৰিব আৰু পৱিত্ৰ কনকনাৰ কিন্দিৰ বাবে কনক কৱচ উৎসর্গিত কৰিব। গোৱা ভ্ৰমণকালত শ্ৰীমোদীয়ে সাৰধা পঞ্চাষ্টমানোৎসৱ উপলক্ষে শ্রীসংস্থান গোকর্ণ পৰতগলি জীৱোত্তম মঠৰ ৫৫০ সংখ্যক বর্ষ উদযাপন অনুষ্ঠানত ভাগ ল'ব। শ্রীমোদীয়ে লগতে মঠটোত ব্ৰঞ্জৰে নিৰ্মাণ কৰা শ্ৰীৰামৰ ৭৭ ফুট ওখ মূৰ্তি উন...

August 23, 2025 1:40 PM

views 12

চলিত মাহৰ শেষত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন আৰু জাপান ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ ২৯ তাৰিখে চীন আৰু জাপান ভ্ৰমণ কৰিব। ২৯ আৰু ৩০ আগষ্টত প্রধানমন্ত্ৰীগৰাকীয়ে ১৫ সংখ্যক ভাৰত-জাপান বার্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। এয়া হ’ব শ্রীমোদীৰ জাপানৰ প্ৰধানমন্ত্রী শ্বিগেৰো ইশ্বিবাৰ সৈতে প্রথমখন সন্মিলন। এই ভ্ৰমণকালত দুয়োগৰাকী প্রধানমন্ত্ৰীয়ে ভাৰত আৰু জাপানৰ মাজত প্ৰতিৰক্ষা, নিৰাপত্তা, বাণিজ্য আৰু অৰ্থনীতি, প্ৰযুক্তি আৰু উদ্ভাৱনকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত পর্যালোচনা কৰিব। এই আলোচনাত আঞ্চলিক আৰু আন্তর্জাতিক বিষয় সমূহতো গুৰুত্ব আৰোপ কৰা হ'ব। ৩১ আগষ্ট...

July 10, 2025 12:06 PM

views 23

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাঁচদেশীয় ভ্ৰমণৰ সফল সামৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘানা, ট্ৰিনিদাদ আৰু টবেগ', আর্জেণ্টিনা, ব্রাজিল আৰু নামিবিয়া- এই পাঁচদেশীয় ভ্ৰমণৰ সফল সামৰণি পৰিছে। প্ৰধানমন্ত্ৰীয়ে শেষ পৰ্যায়ৰ ভ্ৰমণত ভাৰত আৰু নামিবিয়াই প্ৰধানমন্ত্রী মোদীৰ উপস্থিতিত নামিবিয়াত উদ্যমিতা বিকাশ কেন্দ্ৰ আৰু স্বাস্থ্য তথা ঔষধৰ ক্ষেত্ৰত সহযোগিতা স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণকালতে নামিবিয়াত তিনিটা বৃহৎ ঘোষণা কৰা হয় । চলিত বৰ্ষৰ শেষৰফালে দেশখনত ডিজিটেল লেনদেন ব্যৱস্থা মুকলি আৰু ভাৰতে নেতৃত্ব দিয়া সংহত দুৰ্যোগ ...

June 3, 2025 1:44 PM

views 23

প্রধানমন্ত্ৰীৰ প্ৰস্তাৱিত দৰং জিলা ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা অনুষ্ঠিত

দৰং জিলাত নিৰ্মাণ হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়, ৰিংৰোড আদিৰ আধাৰশিলা স্থাপনৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰস্তাৱিত দৰং জিলা ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত ৰাজ্যৰ পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়া উপস্থিত থাকে। কালিৰ সভাত অহা ৮ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱিত ভ্ৰমণ সন্দৰ্ভত সভাৰ স্থান নিৰ্ণয় কৰাৰ বাবে আলোচনা অনুষ্ঠিত হয়। এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সাংসদ দিলীপ শ‍ইকীয...