September 18, 2024 6:14 PM

views 21

কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ চতুৰ্থ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ২১ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শ্রীমোদীয়ে ২১ ছেপ্তেম্বৰত ৱাশ্বিংটনৰ ডেলাৱেৰত হ'বলগীয়া কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত ভাগ ল'ব। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধ মৰ্মে অহা বছৰ কোৱাড শীৰ্ষ সন্মিলনৰ আয়োজন কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। বিদেশ মন্ত্রালয়ে কৈছে যে বৈঠকত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে বিগত এটা বছৰত ৰাষ্ট্ৰগোষ্ঠীটোৱে লাভ কৰা প্ৰগতিৰ পৰ্যালোচনা চলাব। তেওঁলোকে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহক নিজৰ নিজৰ উন...