September 15, 2025 12:56 PM
19
ত্ৰিপুৰাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ ছেপ্টেম্বৰত মাতা ত্ৰিপুৰাসুন্দৰী মন্দিৰৰ পুনঃনিৰ্মাণ আৰু সৌন্দর্যবর্ধন কার্য উদ্বোধন কৰিব
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২২ ছেপ্তেম্বৰত ত্ৰিপুৰাত মাতা ত্ৰিপুৰাসুন্দৰী মন্দিৰৰ পুনৰ নিৰ্মাণ আৰু সৌন্দর্যবর্ধন কার্য উদ্বোধন কৰিব। মেলাঘৰত অনুষ্ঠিত নিমহল জল উৎসৱৰ সামৰণী অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্রী ড০ মাণিক সাহাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ত্ৰিপুৰা চৰকাৰ ৰাজ্যখনৰ সকলোবোৰ মুখ্য পর্যটনস্থলীৰ উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কয়, যে গোমাটি জিলাৰ বন্দোৱাৰত প্ৰায় ৯৭ কোটি টকা ব্যয় সাপেক্ষে ৫১খন শক্তিপীঠৰ প্ৰতিকৃতি নিৰ্মাণ কৰি থকা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ স...