December 2, 2025 11:53 AM

views 17

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী বেগম খালেদা জিয়াৰ স্বাস্থ্যক লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বেগ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী বেগম খালেদা জিয়াৰ স্বাস্থ্যক লৈ উদ্বেগ প্রকাশ কৰি তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকীয়ে বহু দীর্ঘদিনে দেশখনৰ জাতীয় জীৱনলৈ বিশেষ অৰিহণা যোগাই আহিছে। ভাৰত যিকোনো ধৰণৰ সমৰ্থন আগবঢ়াবলৈ সাজু থকা বুলিও প্রধানমন্ত্রী শ্রীমোদীয়ে লগতে বাৰ্তাটোত উল্লেখ কৰে ৷